• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰক উভতি ধৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই, ক’লে – জাকিৰ হুছেইনৰ নিচিনা মানুহৰ কথাত মই গুৰুত্বই নিদিওঁ

কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰক উভতি ধৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই, ক’লে – জাকিৰ হুছেইনৰ নিচিনা মানুহৰ কথাত মই গুৰুত্বই নিদিওঁ

বিধায়ক হাজৰিকাই সাংবাদিকৰ আগত কয়, ‘‘জাকিৰ হুছেইনৰ নিচিনা মানুহৰ কথাত মই গুৰুত্বই নিদিওঁ৷ জাকিৰ হুছেইনৰ নিচিনা মানুহে কিয় মাত মাতিছে অসমৰ মানুহে বুজি পায়৷’’

বিধায়ক হাজৰিকাই সাংবাদিকৰ আগত কয়, ‘‘জাকিৰ হুছেইনৰ নিচিনা মানুহৰ কথাত মই গুৰুত্বই নিদিওঁ৷ জাকিৰ হুছেইনৰ নিচিনা মানুহে কিয় মাত মাতিছে অসমৰ মানুহে বুজি পায়৷’’

বিধায়ক হাজৰিকাই সাংবাদিকৰ আগত কয়, ‘‘জাকিৰ হুছেইনৰ নিচিনা মানুহৰ কথাত মই গুৰুত্বই নিদিওঁ৷ জাকিৰ হুছেইনৰ নিচিনা মানুহে কিয় মাত মাতিছে অসমৰ মানুহে বুজি পায়৷’’

  • Share this:
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কন্যকা বহুমুখী পাম সম্পৰ্কে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ 'কন্যকা' কৃষি পামৰ জৰিয়তে সমাজৰ নহয়, আচলতে বিধায়ক পদ্ম হাজৰিকাৰ ব্যক্তিগত পুঁজি শক্তিশালী হোৱা বুলি কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে মন্তব্য কৰাৰ পাছত কংগ্ৰেছী বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়ক পদ্ম হাজৰিকা৷

বিধায়ক হাজৰিকাই সাংবাদিকৰ আগত কয়, ‘‘জাকিৰ হুছেইনৰ নিচিনা মানুহৰ কথাত মই গুৰুত্বই নিদিওঁ৷ জাকিৰ হুছেইনৰ নিচিনা মানুহে কিয় মাত মাতিছে অসমৰ মানুহে বুজি পায়৷ কাৰণ কন্যকাৰ ভূমিত কোন মানুহ বহি আছিল আগতে সকলোৱে জানে৷ অসমৰ থলুৱা মানুহৰ মাটি কাৰ হাতত আছিল সেয়া সকলোৰে জ্ঞাত৷ জাকিৰ হুছেইন শিকদাৰৰ কোনোবা অঙহী-বঙহী নহয় জানো সেই বেদখলকাৰী বিলাক!’’

‘‘সন্দেহজনক কিছুমান মানুহে আহি আমাৰ সাৰুৱা মাটি বিলাক য'তে ত'তে দখল কৰিব আৰু আমাৰ ল’ৰাবিলাক বহিঃৰাজ্যত গৈ সংস্থাপনৰ বাবে হাবুডাবু খাব সেয়া হ’ব নোৱাৰে৷ আমি ঠিক কৰি লৈছো ‘লোকেল ফ'ৰ ভকেল’৷ আমি ঠিক কৰি লৈছো পথাৰ আমি দখল কৰিম, বজাৰ আমি দখল কৰিম৷ তাৰ সংকল্পৰে থলুৱা যুৱক–যুৱতীক সংগঠিত ৰূপত কৰ্মসংস্থাপনৰ বাবে আমি কন্যকা আৰম্ভ কৰিছিলো৷ আমি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিছো৷ খিলঞ্জীয়া মানুহক সংগঠিত কৰি কৃষি বিল্পৱ কৰিবৰ বাবে আমি কাম কৰি যাম।’’ – ক’লে পদ্ম হাজৰিকাই।

বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা মাটিত 'কন্যকা' গঢ়ি তুলি জাতি, মাটি, ভেটি সুৰক্ষিত কৰা বুলি মন্তব্য কৰি চতিয়াৰ বিধায়কগৰাকীয়ে প্ৰয়োজন হ’লে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হ’লে বৰপেটাতো 'কন্যকা'ৰ দৰে কৃষি পাম গঢ়ি তোলা হ'ব বুলি কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰক প্ৰত্যাহ্বান জনায়।

আনহাতে বিধায়ক হাজৰিকাই লগতে মন্তব্য কৰে যে অসমত এনেকুৱা কন্যকা এশখন খোল খাব৷ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসম আন্দোলনৰ সময়ৰ পৰাই মই লাগি আছো৷ খিলঞ্জীয়াৰ বিপৰীতে চিঞৰ–বাখৰ কৰি থকা মানুহৰ বিপক্ষে সদায় মই মাত মাতি যাম আৰু তেওঁলোকৰ অঙহী–বঙহী য'তে ত'তে বহিবলৈ চেষ্টা কৰিলে মই খেদি পঠাবলৈ শক্তিশালী পদক্ষেপ সদায় গ্ৰহণ কৰিম৷ তেওঁলোকক মই বেজাৰ নাপাবলৈ আহ্বান জনাইছো৷

হাজৰিকাই কয়, ‘‘মই শুনিছো গৰুখুটিতো কোনোবা ইনভেষ্টৰ আছিল আৰু কোনোবা জনপ্ৰতিনিধিও জড়িত আছিল৷ তাত জাকিৰ হুছেইনৰ নিচিনা মানুহ জড়িত আছিল নেকি তাৰ অনুসন্ধান চলি আছে৷ কন্যকাৰ আৰ্হিত গৰুখুটি প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে মোক দায়িত্ব দিয়াৰ পিছৰে পৰা এচাম মানুহৰ বাবে মই টাৰ্গেট হৈ পৰিছো৷ তেওঁলোকে পদ্ম হাজৰিকাই নেতৃত্ব লোৱা এই যাত্ৰাক কেনেকৈ বাধা দিব পাৰি দিনে-নিশাই শয়নে-সপোনে এইটোৱেই চিন্তা কৰে৷ কন্যকাৰ ব’ৰ্ড অফ ডাইৰেক্টত জাকিৰে কোৱাৰ দৰে মোৰ শ্ৰীমতীৰ নাম নাই৷ মোৰ ল'ৰাটো উঠি আহিছে৷ সি BBA সম্পূৰ্ণ কৰিছে আৰু সি সদায় কন্যকাত পুৱাই গৈ হাজিৰ হয়৷ আজি ১০ বছৰ ধৰি কন্যকাত সি  লাগি আছে৷ ব’ৰ্ড অফ ডাইৰেক্টত মোৰ ল'ৰা থাকিলে জাকিৰৰ গা জ্বলিবলগীয়া কি হ'ল? চতিয়া সমষ্টিৰ মানুহৰটো গা জ্বলা নাই৷

‘‘আমাৰ ডেইৰি ফাৰ্মত অসম চৰকাৰে এক কোটি এঘাৰ লাখ টকা দিছে, আমিটো লুকঢাক কৰা নাই৷ আমাৰ ফেঞ্চিঙত সাংসদ ডাঙৰীয়াই ১৮ লাখ টকা দিছে আমিটো লুকঢাক কৰা নাই৷  চৰকাৰে দিয়াৰ উপৰি কন্যাকাত চলি থকা ২০ কোটি টকাৰ কামৰ বাবে আমি কিমান কষ্টৰে পুঁজিৰ ব্যৱস্থা কৰিছো সেয়া কেৱল আমাৰ সদস্যসকলেহে গম পায়৷ বিধানসভাত আমাৰ বিত্ত মন্ত্ৰীগৰাকীয়ে  কৈছেই কন্যকা এক আদৰ্শ ফাৰ্ম৷

বিধায়ক হাজৰিকাই লগতে উল্লেখ কৰে যে 'কন্যকা'ৰ ঊৰ্ধ্বমুখী যাত্ৰাত কোনো শক্তিয়েই বাধা দিব নোৱাৰে৷ তেওঁলোকে মনত ৰাখি থওক আগতে যি কৰিলে কৰিলে এতিয়া বিজেপি চৰকাৰৰ দিনত খিলঞ্জীয়াৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে৷ আমাৰ মাটি–বাৰী যদি কোনোবাই কাঢ়িছে তাক আমি উঠাই খেদিম৷ এনেকুৱা শক্তি বিলাকলৈ মই কেয়াৰেই নকৰো। হাতীয়ে খোজ কাঢ়ি গ'লে কুকুৰে ভুকিলেও যেনেকৈ পাত্তা নিদিয়াকৈ আগবাঢ়ে সেই গতিৰে মই আগবাঢ়িম বুলি  আওপকীয়াকৈ কটাক্ষ কৰে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি