‘সত্ৰীয়া সংস্কৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ, তেওঁক ভগৱানে সুমতি দিয়ক’ – ‘মাজুলী গাভৰু’ বিতৰ্কক লৈ কৰিঅ’গ্ৰাফাৰ উদয় শংকৰৰ মন্তব্য

News18-Assam
Updated:November 20, 2019, 12:49 PM IST
‘সত্ৰীয়া সংস্কৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ, তেওঁক ভগৱানে সুমতি দিয়ক’ – ‘মাজুলী গাভৰু’ বিতৰ্কক লৈ কৰিঅ’গ্ৰাফাৰ উদয় শংকৰৰ মন্তব্য
ছচিয়েল মিডিয়াযোগে উদয় শংকৰে উল্লেখ কৰে যে নিজৰ সংস্কৃতিৰ বিষয়ে নজনাটো যিমান লাজৰ বিষয়, তাতকৈও ডাঙৰ লজ্জাজনক বিষয় সোণসেৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত নিকৃষ্টতম পৰ্যায়ত উপষ্ঠাপন কৰাটো।

ছচিয়েল মিডিয়াযোগে উদয় শংকৰে উল্লেখ কৰে যে নিজৰ সংস্কৃতিৰ বিষয়ে নজনাটো যিমান লাজৰ বিষয়, তাতকৈও ডাঙৰ লজ্জাজনক বিষয় সোণসেৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত নিকৃষ্টতম পৰ্যায়ত উপষ্ঠাপন কৰাটো।

  • News18 Assam
  • Last Updated: November 20, 2019, 12:49 PM IST
  • Share this:
‘মাজুলী গাভৰু’ গীতটোক লৈ সৃষ্টি হোৱা বিতৰ্কক কণ্ঠশিল্পী বাবু বৰুৱাই মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰ পিছতো অনুশোচনা নাই ভিডিঅ’টোৰ কৰিঅ’গ্ৰাফাৰ অসীম গগৈৰ। তাৰ পৰিৱৰ্তে কৰিঅ’গ্ৰাফাৰজনে বিষয়টোক লৈ টুলুঙা, উদ্ভট মন্তব্যহে কৰা দেখা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা অসীম গগৈৰ সৈতে বাৰ্তালাপৰ এক অডিঅ’ ক্লিপে উদঙাই দিছে তথাকথিত কৰিঅ’গ্ৰাফাৰজনৰ অহং মনোভাৱ। লগতে ফোনত ননী গোপাল দত্ত নামৰ লোকজনে কৰা প্ৰশ্নৰ আবোল–তাবোল উত্তৰ দি নিজৰ জ্ঞানৰ গভীৰতা উদঙাই দিছে অসীম গগৈয়ে।

মাজুলীৰ কৃষ্টি–সংস্কৃতিক বিকৃত ৰূপ দিয়া এই ঘটনাক লজ্জাজনক আখ্যা দিছে অসমৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰে। ছচিয়েল মিডিয়াযোগে উদয় শংকৰে উল্লেখ কৰে যে নিজৰ সংস্কৃতিৰ বিষয়ে নজনাটো যিমান লাজৰ বিষয়, তাতকৈও ডাঙৰ লজ্জাজনক বিষয় সোণসেৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত নিকৃষ্টতম পৰ্যায়ত উপষ্ঠাপন কৰাটো। মাজুলীৰ সত্ৰীয়া সংস্কৃতি অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতেই জনাজাত। বিশ্বৰ প্ৰত্যেক প্ৰান্তৰ পৰা বিভিন্ন যুৱক–যুৱতীয়ে গুণ–গৰিমাৰ বাবে বিখ্যাত মাজুলীলৈ আহি সত্ৰীয়া সংস্কৃতি আঁকোৱালি লৈ শিকি–বুজি সাদৰেৰে গ্ৰহণ কৰি উভতি গৈ অসমৰ নাম বিশ্ব দৰবাৰত উজলাই তুলিছে!



উদয় শংকৰে ফেচবুক পোষ্টটোত উল্লেখ কৰে যে যিজনে আমাৰ অসমীয়া সংস্কৃতিক ইমান নিকৃষ্টভাৱে উপস্থাপন কৰিছে তেওঁক ভগৱানে অতি সোনকালে সুমতি দিয়ক! এয়া সত্ৰীয়া সংস্কৃতিৰ উপৰত নিৰ্মম অত্যাচাৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি