‘মাজুলী গাভৰু’ বিতৰ্কক লৈ বাবুৱে ক্ষমা খুজিলে, কিন্তু কৰিঅ’গ্ৰাফাৰ অসীম গগৈৰ উদ্ভট যুক্তি শুনক

News18-Assam
Updated:November 20, 2019, 10:23 AM IST
‘মাজুলী গাভৰু’ বিতৰ্কক লৈ বাবুৱে ক্ষমা খুজিলে, কিন্তু কৰিঅ’গ্ৰাফাৰ অসীম গগৈৰ উদ্ভট যুক্তি শুনক
মাজুলীক লৈ প্ৰস্তুত কৰা ভিডিঅ’টোক লৈ কৰা প্ৰশ্নৰ উত্তৰত অসীম গগৈয়ে দিলে বৰপেটা সত্ৰৰ উদাহৰণ।

মাজুলীক লৈ প্ৰস্তুত কৰা ভিডিঅ’টোক লৈ কৰা প্ৰশ্নৰ উত্তৰত অসীম গগৈয়ে দিলে বৰপেটা সত্ৰৰ উদাহৰণ।

  • News18 Assam
  • Last Updated: November 20, 2019, 10:23 AM IST
  • Share this:
জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাৰ এটা গীতক লৈ মাজুলীৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ‘মাজুলী গাভৰু’ শীৰ্ষক গীতটোৰ ভিডিঅ’ক লৈ ক্ষোভিত হৈ পৰিছিল মাজুলীবাসী। মাজুলীৰ কৃষ্টি–সংস্কৃতি গীতটোৰ ভিডিঅ’ত বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাজ্যজুৰি বিতৰ্কৰ পিছতে কণ্ঠশিল্পী বাবু বৰুৱাই ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিছিল মাজুলীবাসীৰ ওচৰত। লগতে ইউটিউবৰ পৰা ভিডিঅ’টো আঁতৰাই পোলাৱাৰ প্ৰতিশ্ৰুতি দিছিল।

কোনো এটা গীতৰ ভিডিঅ’ যিহেতু কৰিঅ’গ্ৰাফাৰৰ নিৰ্দেশনাত কৰা হয়, গতিকে বাবুৰ লগতে এইক্ষেত্ৰত সমানেই দোষী কৰিঅ’গ্ৰাফাৰ অসীম গগৈ। কোনো এখন ঠাইৰ কৃষ্টি–সংস্কৃতিক লৈ ভিডিঅ’ প্ৰস্তুত কৰাৰ আগতে তাৰ বিষয়ে জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু ইমান বিতৰ্কৰ পিছতো টিঙৰ পৰা নমা নাই কৰিঅ’গ্ৰাফাৰ অসীম গগৈ।

শেহতীয়াকৈ অসীম গগৈৰ সৈতে বাৰ্তালাপৰ এক অডিঅ’ ক্লিপ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ননী গোপাল দত্ত নামৰ লোকজনে শ্বেয়াৰ কৰিছে এই অডিঅ’ ক্লিপটো। অডিঅ’ ক্লিপটোত শুনা গৈছে কৰিঅ’গ্ৰাফাৰ অসীম গগৈৰ উদ্ভট যুক্তি। অসমী গগৈয়ে কয় – সেইটো এটা ‘কনচেপ্ট’হে কৰিছো। মাজুলীক লৈ প্ৰস্তুত কৰা ভিডিঅ’টোক লৈ কৰা প্ৰশ্নৰ উত্তৰত অসীম গগৈয়ে দিলে বৰপেটা সত্ৰৰ উদাহৰণ। তেওঁ কয় যে মাজুলীত হ’ব পাৰে কিন্তু বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ নিষেধ। মই এখন সত্ৰক লৈ কৰিছো ভিডিঅ’টো।

ইমানেই নহয়, অসীম গগৈয়ে কয় – মহাপুৰুষ শংকৰদেৱে ক’ৰবাত লিখিছে নেকি যে মাজুলীৰ সত্ৰত মহিলাৰ প্ৰৱেশত নিষেধাজ্ঞা নাই, বৰপেটাত আছে। নিজে পঢ়ি–শুনিহে এই কাম কৰিছো। মাজুলীৰ সত্ৰ বা বৰপেটাৰ সত্ৰৰ নিয়মবোৰ গুৰুজনাই বেলেগ বেলেগকৈ কৰিছিল নেকি বুলিও প্ৰশ্ন কৰে অসীম গগৈয়ে।

ভাইৰেল হোৱা অডিঅ’ ক্লিপটো :



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি