মুখ্যপৃষ্ঠা »খবৰ »অসম »অৱশেষত ভুল স্বীকাৰ কৰিলে ‘মাজুলী গাভৰু’ গীতৰ ভিডিঅ’ পৰিচালক অসীম গগৈয়ে

অৱশেষত ভুল স্বীকাৰ কৰিলে ‘মাজুলী গাভৰু’ গীতৰ ভিডিঅ’ পৰিচালক অসীম গগৈয়ে

  • Share this:
    অৱশেষত ৰাজ্যবাসীৰ সমালোচনাৰ পিছত সু–বুদ্ধিৰ উদয় হ’ল কৰিঅ’গ্ৰাফাৰ অসীম গগৈৰ। মাজুলীক বিকৃত ৰূপত উপস্থাপন কৰি ‘মাজুলী গাভৰু’ শীৰ্ষক ভিডিঅ’ নিৰ্মাণ কৰা অসীম গগৈয়ে অৱশেষত ভুল স্বীকাৰ কৰিলে।

    জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাৰ এটা গীতক লৈ মাজুলীৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ‘মাজুলী গাভৰু’ শীৰ্ষক গীতটোৰ ভিডিঅ’ক লৈ ক্ষোভিত হৈ পৰিছিল মাজুলীবাসী। মাজুলীৰ কৃষ্টি–সংস্কৃতি গীতটোৰ ভিডিঅ’ত বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাজ্যজুৰি বিতৰ্কৰ পিছতে কণ্ঠশিল্পী বাবু বৰুৱাই ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিছিল মাজুলীবাসীৰ ওচৰত।

    কোনো এটা গীতৰ ভিডিঅ’ যিহেতু কৰিঅ’গ্ৰাফাৰৰ নিৰ্দেশনাত কৰা হয়, গতিকে বাবুৰ লগতে এইক্ষেত্ৰত সমানেই দোষী কৰিঅ’গ্ৰাফাৰ অসীম গগৈ।কিন্তু ইমান বিতৰ্কৰ পিছতো প্ৰথম অৱস্থাত টিঙৰ পৰা নমা নাছিল কৰিঅ’গ্ৰাফাৰ অসীম গগৈয়ে।

    শেহতীয়া বাতৰি