নাগালেণ্ডৰ ম'ন জিলাৰ একাংশ নগা দুষ্কৃতিকাৰী আৰু চোৰাং কাঠ ব্যৱসায়ীৰ বাবে ক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছে চৰাইদেউ জিলাৰ অন্যতম সংৰক্ষিত বনাঞ্চল অভয়পুৰ সংৰক্ষিত বনাঞ্চল। এনে অৱস্থাতে আজি বন বিভাগৰ সহযোগত চৰাইদেউ জিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে বনাঞ্চলখনৰ অভ্যন্তৰত এক অভিযান চলাই মাৰণাস্ত্ৰসহ ছগৰাকী চোৰাং কাঠ ব্যৱসায়ৰে জড়িত নগা লোকক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।
এই অভিযানকালত কৰায়ত্ত হোৱা দুষ্কৃতিকাৰী কেইটাৰ ভিতৰত চাৰিটা নাগালেণ্ডৰ ম'ন জিলাৰ লাপা লমপুঙ অঞ্চলৰ আৰু আন দুটা দুষ্কৃতিকাৰী অসমৰ মৰিগাঁও আৰু নগাঁও জিলাৰ বুলি জানিব পৰা গৈছে। আটকাধীন দুষ্কৃতিকাৰীকেইটা ক্ৰমে চিয়াংকু কন্যাক, আমান কন্যাক, ফুননং কন্যাক, কুংচিং কন্যাক, আজগৰ আলী আৰু মইনুল হক বুলি পৰিচয় উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, অভিযানকালত অভিযানকাৰী দলটোৱে এহাল ম'হ আৰু বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা আৰু এটা এনলীয়া বন্দুক,দুখন বাইক চোৰাং কাঠ সৰবৰাহকাৰী কেইটাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ১৪ নং ৱাৰ্ডৰ থুকুবিলৰ নিবাসী লখেশ্বৰ কলিতা নামৰ ব্যক্তিজনৰ ১০টা খনা ম'হ সন্দেহজনক নগা দুৰ্বিত্তই নিয়াৰ পাছতেই আৰক্ষী আৰু বন বিভাগে ম'হ বিচাৰি চলোৱা অভিযানৰ সময়ত বন ধ্বংসৰ জীয়া ছবি সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল আৰু তাৰ পাছতে তৎকালীনভাবে চৰাইদেউ আৰক্ষী আৰু অবিভক্ত শিৱসাগৰ জিলা বন বিভাগে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অভিযান আৰম্ভ কৰে।
দুটা দিন অভিযান চলাই মাৰণাস্ত্ৰসহ ছজন বন ধ্বংসকাৰী চোৰাং কাঠ সৰবৰাহকাৰী, দুখন বাহন আৰু হাবিৰ মাজৰপৰা কাঠ সৰবৰাহত ব্যৱহৃত এহাল ম'হ জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে ঘন অৰণ্যৰ সুযোগ লৈ আন কেইবাটাও ধ্বংসকাৰী চোৰাং কাঠ সৰবৰাহকাৰী পলাবলৈ সক্ষম হয়। সম্প্ৰতি আটক কৰা ছয় বন ধ্বংসকাৰী চোৰাং কাঠ সৰবৰাহকাৰীক বন বিভাগ আৰু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|