চৰাইদেউ জিলাৰ মাহমৰাৰ কাকতিবাৰীৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগত এজনক আটক কৰিলে কাকতিবাৰী আৰক্ষীয়ে। সোণাৰি সমীপৰ কাকতিবাৰীৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ বাসগৃত ৭ দিনৰ পূৰ্বে অগ্নিসংযোগ কৰা মাষ্টৰ মাইণ্ড দুলু গগৈ ওৰফে ভাইমনক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে অগ্নিসংযোগ কৰাৰ কথা। অন্য লোকৰ প্ৰৰোচনাত পৰি পুৱতি নিশা এটা লাইটাৰে চন্দনৰ বাসগৃহটো জ্বলাই দিছিল দুলুৱে। চন্দনৰ পৰিয়ালটোক নিঃশেষ কৰাৰ পৰিকল্পনা মতেই পুৱতি নিশা লাইটাৰে বাসগৃহত অগ্নিসংযোগ কৰি আঁতৰি গৈছিল ভাইমন গগৈ।
চন্দনৰ প্ৰতিবেশী দুলু ওৰফে ভাইমনে নিজেই অগ্নিসংযোগ কৰা চন্দনৰ বাসগৃহ জ্বলি থকাৰ সময়ত জুই নিৰ্বাপন কৰিবলৈ আপ্ৰাণ চেষ্টাও চলাইছিল। প্ৰথম অৱস্থাত কোনেও ভাইমনক সন্দেহ কৰা নাছিল যদিও আৰক্ষীয়ে চলোৱা অভিযানত বন্দী হ'ল ভাইমন গগৈ।
এগৰাকী মহিলাৰ প্ৰৰোচনাত পৰিয়েই এনে ভয়ানক কাণ্ডত জড়িত হৈ পৰিছিল ভাইৰেল গগৈ। মহিলাৰগৰাকীৰ পৰা চন্দন গগৈয়ে প্ৰায় তিনিলাখ টকা আমানত ধন লাভ কৰিবলৈ বাকী আছিল। কিন্তু সেই ধন মহিলাগৰাকীয়ে দিবলৈ অমান্তি হৈছিল। অৱশেষত মহিলা গৰাকীৰ প্ৰৰোচনাত পৰিয়েই এনে হঠকাৰী সিদ্ধান্ত লৈছিল দুলু গগৈ ওৰফে ভাইমনে।
আনহাতে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰে এই ঘটনাৰ সৈতে জড়িত আৰু লোক আটক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|