দেখিলেই ওলাব চকুপানী, ১৫ বছৰে এনেদৰেই কটাইছে পিতৃ-মাতৃহীন এইগৰাকী যুৱকে

News18 Assam | News18-Assam
Updated:July 4, 2020, 12:50 PM IST
দেখিলেই ওলাব চকুপানী, ১৫ বছৰে এনেদৰেই কটাইছে পিতৃ-মাতৃহীন এইগৰাকী যুৱকে
চৰাইদেউ  জিলাৰ সোণাৰি নগৰৰ নাফুক চাহ বাগিচাৰ এক নং লাইনৰ এজন দুৰ্ভগীয়া যুৱক।

চৰাইদেউ  জিলাৰ সোণাৰি নগৰৰ নাফুক চাহ বাগিচাৰ এক নং লাইনৰ এজন দুৰ্ভগীয়া যুৱক।

  • Share this:
অসহনীয়! ১৫ বছৰ ধৰি যুৱকজনৰ সংগী এখন বিচনা। উঠিব নোৱাৰে। এনেদৰেই পাৰ কৰিছে জীৱনৰ বহুমূলীয়া ১৫টাকৈ বছৰ। যুৱকজনৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ নাফুক চাহ বাগিচাত। নাম দশৰথ মাল।

পিতৃ-মাতৃহীন এইজন যুৱকে এগৰাকী সম্বন্ধীয় বায়েকৰ ঘৰত প্ৰায় ১৫ বছৰে ধৰি আশ্ৰয় লৈ এখন বিচনাতে দিন অতিবাহিত কৰিছে। কাৰণ যুৱকজন শাৰীৰিক ভাবে বাধাগ্ৰস্ত।  সম্বন্ধীয় বায়েক আৰু আত্মীয়‌ই যুৱকজনৰ সুদিৰ্ঘ ১৫ বছৰে পৰিচৰ্যা কৰি আহিছে। কিন্তু যুৱকজনে আজিলৈকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য। আনকি লাভ কৰা নাই চলা-ফুৰা কৰিব পৰাকৈ এখন হুইল চেয়াৰো।

এতিয়া উপায় হীন হৈ পৰিয়ালৰ লোকেও, পিতৃ-মাতৃহীন দুৰ্ভগীয়া অনাথ যুৱকজনলৈ কিছু সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে চৰকাৰক।
First published: July 4, 2020, 12:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি