• Home
  • »
  • News
  • »
  • assam
  • »
  • পৃথিৱীৰ অসুখৰ মাজতো ৰূপে-ৰঙে জাতিষ্কাৰ বিনন্দীয়া প্ৰকৃতি, চৌদিশে সোণাৰু-কৃষ্ণচূড়া-ৰাধাচূড়াৰ হাঁহি

পৃথিৱীৰ অসুখৰ মাজতো ৰূপে-ৰঙে জাতিষ্কাৰ বিনন্দীয়া প্ৰকৃতি, চৌদিশে সোণাৰু-কৃষ্ণচূড়া-ৰাধাচূড়াৰ হাঁহি

  • Share this:
এতিয়া পৃথিৱীৰ অসুখ। তাৰ মাজতে বিনন্দীয়া হৈ পৰিছে অপৰূপা প্ৰকৃতি।কোৰোণাক প্ৰতিহত কৰিবলৈ সকলো ঘৰত ব্যস্ত হৈ থকাৰ সময়তে প্ৰকৃতি মতলীয়া হৈছে প্ৰেমৰ ৰঙত। ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া সোণাৰু-কৃষ্ণচুড়া-ৰাধাচূড়াৰ ৰঙে আপ্লুত কৰিছে সকলোকে।

পাহাৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত চৰাইদেউ জিলাৰ সোণাৰি,কানুবাৰী, চলা, দিচাংপানী আদি একাধিক অঞ্চলত এতিয়া প্ৰকৃতিৰ নান্দনিক দৃশ্য বৰ্ননা পাইছে কবিৰ কবিতাৰ লগতে ছচিয়েল মিডিয়াত।



প্ৰকৃতিৰ বিনন্দীয়া ৰূপে এতিয়া জাতিষ্কাৰ কৰি তুলিছে পৃথিৱীৰ বুকু। চৌদিশে এতিয়া সোণাৰু, কৃষ্ণচূড়া আৰু ৰাধাচূড়াই হাত বাউলি দি মাতিছে সকলোকে। চঞ্চলা প্ৰকৃতিয়ে যেন এতিয়া ভৰ যৌৱনা হৈ সুন্দৰতাৰ মেলা পাতিছে। কোৰোণাক প্ৰতিহত কৰিবলৈ ঘোষণা কৰা ল’ক ডাউন মানৱ জাতিয়ে উলংঘা কৰিছে যদিও প্ৰকৃতিয়ে উলংঘা কৰা নাই চিৰাচৰিত নিয়ম

চৌদিশে এতিয়া প্ৰেমৰ ৰঙত মতলীয়া। আকাশ উজলাই হেঁপাহেৰে ফুলিছে সোণাৰু, কৃষ্ণচূড়া-ৰাধাচূড়া। যেনিয়েই চকু যায় তেনিয়েই চকু চাট মাৰি ধৰা ৰঙৰ সমাহাৰ।
First published: