মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙত আৰক্ষীৰ গুলীত নিহত হোমগাৰ্ড ইয়াৎ আলীৰ হত্যাকাৰী আ‍ব্দুল খালেক, আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা

চিৰাঙত আৰক্ষীৰ গুলীত নিহত হোমগাৰ্ড ইয়াৎ আলীৰ হত্যাকাৰী আ‍ব্দুল খালেক, আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা

News18 Assam | News18-Assam
Updated:July 8, 2021, 2:47 PM IST
চিৰাঙত আৰক্ষীৰ গুলীত নিহত হোমগাৰ্ড ইয়াৎ আলীৰ হত্যাকাৰী আ‍ব্দুল খালেক, আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা
এছডিপিঅ’ৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত থিতাতে নিহত হয় আব্দুল খালেক৷

এছডিপিঅ’ৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত থিতাতে নিহত হয় আব্দুল খালেক৷

  • Share this:
চিৰাঙৰ কাচদহাত নিশা আৰক্ষীৰ গুলীত নিহত হয় হোমগাৰ্ড ইয়াৎ আলী ৰ হত্যাকাণ্ডত জড়িত অভিযুক্ত আব্দুল খালেক৷ তদন্তৰ বাবে লৈ যোৱা আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল অভিযুক্ত আব্দুল খালেকে৷ বিজনীৰ এছডিপিঅ’ৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত থিতাতে নিহত হয় আব্দুল খালেক৷

যোৱা ৬ জুলাইৰ নিশা বিজনী থানাত কৰ্মৰত ইয়াৎ আলীয়ে কৰ্তব্য সামৰি ঘৰলৈ যোৱাৰ সময়তে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল৷ পৰৱৰ্তী সময়ত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গই উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ পৰিবাৰিক সংঘাতৰ পৰিণতিত হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰি আৰক্ষীয়ে খণ্ডকাৰ ছফিউৰ ৰহমানক আটক কৰি সোধা–পোছা আৰম্ভ কৰে৷

আৰক্ষীৰ তদন্তত ভাণ্ডৰা বজাৰত ফাৰ্মাচী থকা খণ্ডকাৰ ছফিউৰ ৰহমানে ডেৰ লাখ টকাৰ বিনিময়ত চুপাৰী কিলাৰ লগাই ইয়াৎ আলীক হত্যাকাণ্ড সংঘটিত কৰাৰ তথ্য লাভ কৰে৷ তৎক্ষণিকভাৱে আৰক্ষীয়ে দুই চুপাৰী কিলাৰ ক্ৰমে বঙাইগাঁও ১নং ভাণ্ডাৰাৰ আব্দুল খালেক আৰু দক্ষিণ কাচদহাৰ আয়ুব আলীক কৰায়ত্ত কৰে৷

ধৃত দুয়োজনকে লগত লৈ আৰক্ষীয়ে তথ্য–প্ৰমাণ সংগ্ৰহৰ বাবে ঘটনাস্থলীৰ সমীপত উপস্থিত হোৱাৰ সময়তে আব্দুল খালেকে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলায়৷ আৰক্ষীয়ে লগে লগে আব্দুল খালেকক লক্ষ্য কৰি গুলীচালনা কৰাত থিতাতে নিহত হয়৷ সম্প্ৰতি খণ্ডকাৰ ছফিউৰ ৰহমান আৰু আয়ুব আলীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

ইফালে , চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে সংবাদ মেল আয়োজন কৰি হত্যাকাণ্ডৰ সবিশেষ বৰ্ণনা কৰে৷ আৰক্ষী বিষয়াজনে জনোৱা মতে, ঘটনাৰ নিশা দুই চুপাৰী কিলাৰে অতি নৃশংসভাৱে দাৰে ঘপিয়াই ইয়াত আলীক হত্যা কৰি পথাৰ এখনৰ মাজৰে পলায়ন কৰিছিল আৰু আয়ুব আলীৰ ঘৰত আশ্ৰয় লৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দুখনকৈ দা আয়ুব আলীৰ ঘৰৰ পিছফালে খেৰৰ পুজিৰ তলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিছে৷

আনহাতে, হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰক্তাক্ত দা মচা কাপোৰৰ সন্ধান চলাই থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰা আব্দুল খালেলক গুলীচালনা কৰিবলগীয়া হয়৷ চুপাৰী কিলাৰক লগত লৈ আৰক্ষীয়ে নিশা অভিযান অব্যাহত থকাৰ সময়তে এই ঘটনা সংঘটিত হয়৷

আনহাতে, নিহত আব্দুল খালেক ইয়াৰ পূৰ্বেও নিজ পত্নীক হত্যাকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত আছিল৷ ইফালে, হোমৰ্গাড ইয়াৎ আলীৰ তিনি সন্তানে প্ৰাপ্তবয়স্ক হোৱা সময়লৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰতি মাহে প্ৰত্যেককে ১৫০০ টকাকৈ সাহায্য ঘোষণা কৰা বুলি আৰক্ষী অধীক্ষক উপাধ্যায়ে সংবাদ মেলত জানিবলৈ দিয়ে৷
Published by: Sanjay Kumar Das
First published: July 8, 2021, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি