• Home
  • »
  • News
  • »
  • assam
  • »
  • তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্তৰো সকলো খবৰ ৰাখিছে চীনা গুপ্তচৰ প্ৰতিষ্ঠানে, সোণোৱালৰ তথ্য নালাগে চীনক!

তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্তৰো সকলো খবৰ ৰাখিছে চীনা গুপ্তচৰ প্ৰতিষ্ঠানে, সোণোৱালৰ তথ্য নালাগে চীনক!

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি, অসমৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সবিশেষ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰি ৰাখে এই প্ৰতিষ্ঠানটোৱে।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি, অসমৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সবিশেষ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰি ৰাখে এই প্ৰতিষ্ঠানটোৱে।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি, অসমৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সবিশেষ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰি ৰাখে এই প্ৰতিষ্ঠানটোৱে।

  • Share this:
চীনা ব্যক্তগত প্ৰতিষ্ঠান Zhenhua Data Information Private Limited-এ Overseas Key Information DataBaseত উত্তৰ-পূবৰ অতি কমেও ১৮০ গৰাকী ৰাজনীতিবিদ আৰু আমোলাৰ ভৌগোলিক অৱস্থিতিৰ পৰা আৰম্ভ কৰি সকলো খিনি তথ্য লিপিবদ্ধ কৰি ৰাখিছে। আজি দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি, অসমৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সবিশেষ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰি ৰাখে এই প্ৰতিষ্ঠানটোৱে।

উত্তৰ–পূবৰ আৰু কাৰ-কাৰ তথ্য আছে এই চীনা প্ৰতিষ্ঠানটোৰ হাতত ? 

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ক নিৰীক্ষণ কৰি তেওঁলোকৰ সকলো ৰাজনৈতিক আৰু ব্যক্তিগত তথ্য বিভিন্ন ৰাজহুৱা ডিজিটেল মঞ্চৰ পৰা সংগ্ৰহ কৰে চীনা প্ৰতিষ্ঠানটোৱে।

তাৰোপৰি প্ৰতিষ্ঠানটোৱে অসমৰ দুজন, অৰুণাচলৰ তিনিজন, মেঘালয়ৰ দুজন, মণিপুৰ, ছিকিম আৰু মিজোৰামৰ এজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সকলো তথ্য সংগ্ৰহ কৰিছে। তেনেস্থলত এইসমূহ ৰাজ্যৰ প্ৰায় সকলো পূৰ্ণ কাৰ্যকাল সমাপ্ত কৰা জীৱিত প্রাক্তন মুখ্যমন্ত্ৰীৰ তথ্য চীনৰ হাতত আছে। অসমৰ ক্ষেত্ৰত দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল মহন্ত আৰু তৰুণ গগৈয়েই সম্পূৰ্ণ কাৰ্যকাল সমাপ্ত কৰা জীৱিত প্রাক্তন মুখ্যমন্ত্ৰী। বমডিলাৰ প্ৰাক্তন বিধায়ক আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ উপদেষ্টা জাপু ডেৰুৰো নাম আছে চীনা প্ৰতিষ্ঠানৰ চকু ৰখা ব্যক্তিৰ তালিকাত।

উল্লেখযোগ্য যে বাতৰি কাকতখনে কালি আৰু আজি প্রকাশ কৰা বাতৰিত নাম নাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Published by:Sanjay Kumar Das
First published: