শীৰ্ষত থকা China Global Television Network বা CGTN চীন দেশৰ ইংৰাজী ভাষাৰ নিউজ চেনেল । চেনেলৰ মালিকীস্বত্ব China Central Television (CCTV)ৰ হাতত আছে । CCTV চীন কমিউনিষ্ট পাৰ্টীৰ জন সংযোগ বিভাগৰ দ্বাৰা পৰিচালিত
শীৰ্ষত থকা China Global Television Network বা CGTN চীন দেশৰ ইংৰাজী ভাষাৰ নিউজ চেনেল । চেনেলৰ মালিকীস্বত্ব China Central Television (CCTV)ৰ হাতত আছে । CCTV চীন কমিউনিষ্ট পাৰ্টীৰ জন সংযোগ বিভাগৰ দ্বাৰা পৰিচালিত
আপাত দৃষ্টিত অসমৰ চীনৰ সংবাদ প্ৰতিষ্ঠানৰ ফেচবুকত দৰ্শক নথকাৰ পৰিপ্ৰেক্ষিতত কেনেকৈ দ্বিতীয় স্থান পাইছে CGTNয়ে । Data Analyst ভাৰ্গব ওজাপালিয়ে News18ক জনোৱা মতে, এয়া একপ্ৰকাৰৰ চাইবাৰ আক্ৰমণৰ উকমুকনিও হ’ব পাৰে । তেওঁ কয় – “আমি ব্যৱহাৰ কৰা চীন দেশত নিৰ্মিত মোবাইল ফোনবোৰত কিছুমান In-built app থাকে। সেইবোৰৰ যোগেদি অতি গোপনে চীনে আমাৰ Cyber Space আগ্ৰাসন কৰাৰ কথাটো নুই কৰিব নোৱাৰি ।“ তেওঁ পুনৰ কয় – হাউলি সদৃশ সৰু চহৰত CGTNয়ে কেনেকৈ পঞ্চম স্থান দখল কৰিব পাৰে ?
বিষয়টো গভীৰভাৱে বিশ্লেষণ কৰি তেওঁ কয় – ধনৰ বিনিময়ত ফেচবুক পেজৰ Engagement বৃদ্ধি কৰাৰ ব্যৱস্থা আছে। কিন্তু CGTNয়ে কিয় অসমৰ ভৌগোলিক পৰিসৰ বাছি ল’ব ? গতিকে চীনে অতি গোপনে Propaganda বিস্তাৰৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কথাটোও নুই কৰিব নোৱাৰি ।
China Global Television Network বা CGTN চীন দেশৰ ইংৰাজী ভাষাৰ নিউজ চেনেল । চেনেলৰ মালিকীস্বত্ব China Central Television (CCTV)ৰ হাতত আছে । CCTV চীন কমিউনিষ্ট পাৰ্টীৰ জনসংযোগ বিভাগৰ দ্বাৰা পৰিচালিত । CGTNৰ verified ফেচবুক পেজত ১১৭মিলিয়ন Followers আছে । উল্লেখযোগ্য যে চীন দেশত ফেচবুক নিষিদ্ধ ।
News18-এ নিজাববীয়াকৈ এই তথ্য নিশ্চিত নকৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ ডিজিটেল তথ্য বিশ্লেষক ভাৰ্গৱ ওজাপালিৰ মন্তব্য আৰু তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।