অসমৰ এখন বিশেষ মহাবিদ্যালয়, য’ত দিয়া হৈছে কৰ্মমুখী শিক্ষা, আছে ব্ৰিটিছৰ দিনৰ, আহোমৰ ৰাজত্ব কালৰ বহু পৌৰাণিক সম্পদ

News18 Assam | News18-Assam
Updated:May 30, 2020, 2:46 PM IST
অসমৰ এখন বিশেষ মহাবিদ্যালয়, য’ত দিয়া হৈছে কৰ্মমুখী শিক্ষা, আছে ব্ৰিটিছৰ দিনৰ, আহোমৰ ৰাজত্ব কালৰ বহু পৌৰাণিক সম্পদ
মহাবিদ্যালয় খনৰ সংগ্ৰহালয়টোক ইতিমধ্যে নতুন দিল্লীস্থিত ‘ALL INDIA MUSEUM ASSOCIATION’য়ে স্বীকৃতি প্ৰদান কৰিছে

মহাবিদ্যালয় খনৰ সংগ্ৰহালয়টোক ইতিমধ্যে নতুন দিল্লীস্থিত ‘ALL INDIA MUSEUM ASSOCIATION’য়ে স্বীকৃতি প্ৰদান কৰিছে

  • Share this:
এক সুন্দৰ সেউজীয়া পৰিৱেশ! কাষতে এটা ডাঙৰ পুখুৰী। পুখুৰীৰ পাৰত শাৰী শাৰীকৈ তামোল গছ, পান, কল গছৰ খেতি। আছে বহু দুস্প্ৰাপ্য গছ গছনিও। এইয়া কোনো গ্ৰামাঞ্চলৰ সম্ভ্ৰান্ত অসমীয়া লোকৰ বাৰীৰ বৰ্ণনা নহয়। যোৰহাটৰ দক্ষিণ প্ৰান্তত থকা চিনামৰা মহাবিদ্যালয়ৰ চৌহদৰ পৰিবেশহে বৰ্ণনা কৰা হৈছে।

অসমৰ ভিতৰতে এখন ব্যতিক্ৰমী মহাবিদ্যালয় হিচাপে পৰিচয় লাভ কৰিছে চিনামৰা মহাবিদ্যালয়ে। সাম্প্ৰতিক সময়ত শিক্ষিত নিবনুৱা সমস্যাই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে অসমত। ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা সাং কৰি এটা সংস্থাপনৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে লাখ লাখ শিক্ষিত নিবনুৱাই।

১৯৯১ চনৰ ১জুন তাৰিখে প্ৰতিষ্ঠা লাভ কৰা চিনামৰা মহাবিদ্যালয়ে সাম্প্ৰতিক সময়ত অনাগত ভৱিষ্যতলৈ লক্ষ্য কৰি বিকল্প তথা উদ্ভাৱনী কৰ্মসূচীৰে ছাত্ৰ ছাত্ৰীক সংস্থাপন মুখী কৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। চিনামৰা মহাবিদ্যালয়ৰ ‘GREEN THINKER Z TM SOCIETY’ৰ উদ্যোগত যোৱা ৯ মে' তাৰিখে মহাবিদ্যালয়খনত এক কৰ্মমূখী প্ৰকল্পৰ শুভাৰম্ভণি কৰে।

এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত মহাবিদ্যালয় খনৰ চৌহদত ২০০ বিভিন্ন প্ৰজাতিৰ কল পুলি ৰোপণ কৰা হয়।মহাবিদ্যালয়ৰ অধ্যক্ষ ড°অঞ্জন শইকীয়াই NEWS18 ৰ আগত কয় যে, ‘মহাবিদ্যালয়খনত  ইতিমধ্যে আমি ছমাহৰ ভিতৰত হস্ত শিল্প, সমবায় কেন্দ্ৰ, মৌপালন, কেঁচুসাৰ উৎপাদন, জালুকৰ খেতি বিজ্ঞান সন্মত ভাৱে আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো।’

তেওঁ লগতে উল্লেখ কৰে যে,  এই ক্ষেত্ৰত মহাবিদ্যালয় খনক বিজ্ঞান সন্মত ভাৱে সহায় কৰিবলৈ দেশৰ কেইবাটাও সংস্থা আগবাঢ়ি আহিছে। এই প্ৰকল্পটোৰ যোগেদি মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকল কৰ্মমুখী শিক্ষাৰে শিক্ষিত হৈ স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে।

আনহাতে মহাবিদ্যালয় খনৰ চৌহদতে আছে এটা আটোমটোকাৰি সংগ্ৰহালয়। ২০০৪ চনত প্ৰতিষ্ঠা লাভ কৰা সংগ্ৰহালয়টোত আছে বহু পুৰণি সাঁচিপতীয়া পুথি, আহোম ৰাজকোঁৱৰ গমধৰ কোঁৱৰে বৃটিছৰ বিৰুদ্ধে ব্যৱহাৰ কৰা ঐতিহাসিক নাও, ৪০০ বছৰীয়া তেলপানী সত্ৰৰ ঐতিহাসিক মূৰ্তি, ২০০ বছৰীয়া কিংখাপৰ কাপোৰ, দেশ বিদেশৰ অলেখ প্ৰাচীন মূদ্ৰাকে ধৰি ঐতিহ্যবহনকাৰী বহু সম্পদ। সংগ্ৰহালয়টোক কেন্দ্ৰ কৰি এটা অভিলেখাগাৰ আৰু গ্ৰন্থাগাৰো গঢ়ি তুলিছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। উল্লেখ্য যে, মহাবিদ্যালয় খনৰ সংগ্ৰহালয়টোক ইতিমধ্যে নতুন দিল্লীস্থিত ‘ALL INDIA MUSEUM ASSOCIATION’য়ে স্বীকৃতি প্ৰদান কৰিছে।
First published: May 30, 2020, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি