• Home
  • »
  • News
  • »
  • assam
  • »
  • Nagaon Hospital : হাস্পতালত মাতৃৰ মৃত্যুৰ পিছত হাস্পতালতে বিক্ৰী সন্তান, নগাঁৱৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ দুই কণমানি শিশু ক'ত?

Nagaon Hospital : হাস্পতালত মাতৃৰ মৃত্যুৰ পিছত হাস্পতালতে বিক্ৰী সন্তান, নগাঁৱৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ দুই কণমানি শিশু ক'ত?

নগাঁও আৰক্ষী আৰু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম দায়িত্বজ্ঞানহীনতা

নগাঁও আৰক্ষী আৰু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম দায়িত্বজ্ঞানহীনতা

নগাঁও আৰক্ষী আৰু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম দায়িত্বজ্ঞানহীনতা

  • Share this:
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা দুটি শিশু নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা ১২ আগষ্টত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অগ্নিদগ্ধ হৈ ভৰ্তি হোৱা এগৰাকী মহিলাৰ সৈতে সংঘটিত এক ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ৭০ শতাংশ অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক দুটি সন্তানৰ সৈতে কোনো অচিনাক্ত লোকে চিকিৎসালয়খনত এৰি থৈ গৈছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ ৩ বছৰীয়া শিশু সন্তানটিক এগৰাকী ৰোগীৰ আত্মীয়ই মাত্ৰ ৮ হাজাৰ টকাত কোনো অচিনাক্ত লোকক বিক্ৰী কৰে।

আনহাতে ৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা মহিলাগৰাকীৰ কন্যা সন্তানটিও চিকিৎসালয়খনৰ পৰা নিখোজ হৈ পৰে। ৫ ছেপ্টেম্বৰতে সন্ধিয়া ৬ বাজি  ২০ মিনিটত দুৰ্ভগীয়া মহিলাগৰাকীৰ চিকিৎসালয়খনত মৃত্যুক সাৱটি লয়। ইয়াৰ পিছতে নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমানলৈকে মৃত মহিলাগৰাকীৰ পৰিচয় সন্দৰ্ভতো নগাঁও আৰক্ষীয়ে কোনো তথ্য উদ্ধাৰ কৰিব পৰা নাই।

উল্লেখযোগ্য যে মহিলাগৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰাৰ সময়ত তেওঁৰ স্বামীৰ নাম হাছেন আলী বুলি উল্লেখ কৰা হৈছিল যদিও চিকিৎসালয়খনত ভৰ্তি হৈ থকা আন ৰোগীৰ মতে মহিলাগৰাকী চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ। আনহাতে মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ চোত শ'লমাৰীত বুলি উল্লেখ কৰা হৈছে যদিও নগাঁও জিলাত চোত শ'লমাৰী নামৰ কোনো ঠাই নাই।

বৰ্তমানেও মহিলাগৰাকীৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গতে আছে যদিও তেওঁৰ মৃতদেহ চমজি ল'বলৈ কোনো আত্মীয় অহা নাই। এই ঘটনাই নগাঁও আৰক্ষী আৰু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে।

১২ আগষ্টৰ পৰা চিকিৎসালয়খনত ভৰ্তি হৈ থকা অচিনাক্ত মহিলাগৰাকীৰ বিষয়ে আৰক্ষীয়ে কোনোধৰণৰ অনুসন্ধান নকৰা বিষয়টিয়ে নগাঁও আৰক্ষীৰ অকৰ্মণ্যতাক পুনৰ উদঙাই দেখুৱাইছে। ইপিনে মহিলাগৰাকীৰ ১০ বছৰীয়া কন্যা সন্তানটি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আৰক্ষী চকীৰ পৰা অন্তৰ্ধান হোৱাৰো অভিযোগ উঠিছে। অৱশ্যে এই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে নগাঁও আৰক্ষীয়ে।

আনহাতে, অন্তৰ্ধান হোৱা ৩ বছৰীয়া পুত্ৰ সন্তানটি সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষী তথা চিকিৎসালয় কৰ্তৃপক্ষই। চিকিৎসালয়খনত কৰ্মৰত নাৰ্ছে সংবাদমাধ্যমক দিয়া ভাষ্য অনুসৰি এগৰাকী ৰোগীৰ আত্মীয়ই ৮হাজাৰ টকাত পুত্ৰ সন্তানটিক কোনো অচিনাক্ত লোকক বিক্ৰী কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি