• Home
  • »
  • News
  • »
  • assam
  • »
  • Dhakuakhana: ঢকুৱাখনাত বজ্ৰ পৰি শিশু নিহত, আহত আন ৪গৰাকী

Dhakuakhana: ঢকুৱাখনাত বজ্ৰ পৰি শিশু নিহত, আহত আন ৪গৰাকী

 চাৰিকঢ়িয়া নদীৰ পাৰত খেলি থকা অৱস্থাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

চাৰিকঢ়িয়া নদীৰ পাৰত খেলি থকা অৱস্থাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

চাৰিকঢ়িয়া নদীৰ পাৰত খেলি থকা অৱস্থাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

  • Share this:
বুধবাৰে গধূলি ঢকুৱাখনাৰ গৰৈমাৰীৰ কপহুৱা গাঁৱত বজ্ৰপাতত এগৰাকী শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন ৪গৰাকী। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, একেখন গাঁৱৰে ৫ গৰাকীকৈ শিশু-কিশোৰে মিলি বিয়লি চাৰিকঢ়িয়া নদীৰ পাৰত খেলি থকা অৱস্থাত এই শোকাৱহ ঘটনাটো সংঘটিত হয় (Children die after lightning strikes)।

হঠাতে বতৰ ডাৱৰীয়া হোৱাৰ লগতে বজ্ৰ পৰাত ৫গৰাকী শিশু-কিশোৰ সংজ্ঞাহীন হৈ পৰে। গাঁৱৰ ৰাইজে আটাইকে উদ্ধাৰ কৰি ঢকুৱাখনা  (Dhakuakhana) মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও বাৰবী দাস (৬)ৰ মৃত্যু হয়।

গুৰুতৰভাৱে আহত বাকী ৪গৰাকী কিশোৰ-কিশোৰীৰক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Published by:Gautam Barman
First published: