মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুখ্যমন্ত্ৰীৰ শিশুসেৱা আঁচনি: কোৰোণাই অনাথ কৰা শিশুৰ শিক্ষাৰ সকলো দায়িত্ব ল'লে চৰকাৰে, নিয়োগ নিশ্চিত নোহোৱালৈকে মাহে দিব ৩৫০০কৈ টকা

মুখ্যমন্ত্ৰীৰ শিশুসেৱা আঁচনি: কোৰোণাই অনাথ কৰা শিশুৰ শিক্ষাৰ সকলো দায়িত্ব ল'লে চৰকাৰে, নিয়োগ নিশ্চিত নোহোৱালৈকে মাহে দিব ৩৫০০কৈ টকা

News18 Assam | News18-Assam
Updated:May 29, 2021, 6:47 PM IST
মুখ্যমন্ত্ৰীৰ শিশুসেৱা আঁচনি: কোৰোণাই অনাথ কৰা শিশুৰ শিক্ষাৰ সকলো দায়িত্ব ল'লে চৰকাৰে, নিয়োগ নিশ্চিত নোহোৱালৈকে মাহে দিব ৩৫০০কৈ টকা
যিসকলৰ কন্যাৰ বিয়াৰ বিয়স হৈছে, সেইসকলক বিয়াত এক তোলা সোণৰ ওপৰিও ৫০ হাজাৰ টকা দিব চৰকাৰে।

যিসকলৰ কন্যাৰ বিয়াৰ বিয়স হৈছে, সেইসকলক বিয়াত এক তোলা সোণৰ ওপৰিও ৫০ হাজাৰ টকা দিব চৰকাৰে।

  • Share this:
শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেলৰ। কেন্দ্ৰীয় চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰীয়ে শিশু সেৱা আঁচনি নামেৰে এখন নতুন আঁচনি লোৱাৰ কথা ঘোষণা কৰে। কোৰোণাই অনাথ কৰা শিশুসকলক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব।

কি আছে আঁচনিখনত?


  • কোভিডত প্ৰথম আৰু দ্বিতীয় ঢৌত বহুলোকৰ মৃত্যু হৈছে ৷ শিশু আৰ বৃদ্ধ লোক মৃত্যু মুখত পৰিছে ৷ বহু শিশু অনাথ হৈছে ৷ যিসকল শিশুৱে পিতৃ-মাতৃ বা পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰীক হেৰুৱালে, বা বৰ্তমান পিতৃ-মাতৃক হেৰুৱাই পৰিয়ালৰ আন সম্পৰ্কীয় লোকৰ সৈতে আছে, সেইসকল শিশুৱে প্ৰতিমাহে শিক্ষাৰ বাবে লাভ কৰিব ৩৫০০ টকাকৈ। শিশুৰ নিয়োগ নিশ্চিত নোহোৱালৈকে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি।

  • কিন্তু যিসকল  শিশুৰ সম্পৰ্কীয় কোনো নাই, সেইসকলক ৩৫০০ টকা দিয়াৰ পৰিৱৰ্তে  গোৱালপাৰা সৈনিক স্কুল, নবোদয় বিদ্যালয় বা কস্তৰ্ভা গান্ধীৰ দৰে আৱাসীক বিদ্যালয়ত পঢ়া শুনা কৰোৱাৰ ব্যৱস্থা কৰিব ৷ প্ৰয়োজনত ব্যক্তিগত বিদ্যালয়ত পঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব ৷

  • সেইদৰে যিসকলৰ কন্যাৰ বিয়াৰ বিয়স হৈছে, সেইসকলক বিয়াত এক তোলা সোণৰ ওপৰিও ৫০ হাজাৰ টকা দিব চৰকাৰে।

  •  সকলো শিশুকে দিয়া হ'ব এটাকৈ লেপটপ।


Published by: Himangshu Bhuyan
First published: May 29, 2021, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি