• Home
  • »
  • News
  • »
  • assam
  • »
  • বাক্সাত পুখুৰীত উদ্ধাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ, হত্যা কৰি পেলাই থোৱাৰ অভিযোগ

বাক্সাত পুখুৰীত উদ্ধাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ, হত্যা কৰি পেলাই থোৱাৰ অভিযোগ

ঘটনা সন্দৰ্ভত  শিমলুগুৰি আৰক্ষীয়ে আটক কৰে দুজনক

ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষীয়ে আটক কৰে দুজনক

ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষীয়ে আটক কৰে দুজনক

  • Share this:

বাক্সাৰ শিমলাগুৰিৰ জাখলিবিলত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হয়। অভিযোগ মতে, ছাত্ৰগৰাকীক হত্যা কৰি এটি পুখুৰীটোত পেলাই থৈ যোৱা হৈছে ৷ ছাত্ৰগৰাকীৰ নাম মফিজুল হক বুলি জানিব পৰা গৈছে ৷


মফিজুল হক বৰপেটাৰোডৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছিল৷ বুধবাৰে সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল  ছাত্ৰগৰাকী ৷ জাখলিবিল গাঁওৰ এটি পুখুৰীত মফিজুল হকৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷


শিমলাগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মফিজুল হকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে অভিযোগ কৰা মতে জাখলিবিল গাঁওৰে ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে ৷ ইতিমধ্যে শিমলুগুৰি আৰক্ষীয়ে দুয়োকে আটক কৰি এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি