News18 AssamNews18 Assam
|
News18-Assam Updated:August 11, 2020, 4:29 PM IST
বৰ্তমান SDRF বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নদীত কণমানি দুগৰাকীৰ অনুসন্ধান আৰম্ভ কৰিছে।
বৰ্তমান SDRF বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নদীত কণমানি দুগৰাকীৰ অনুসন্ধান আৰম্ভ কৰিছে।
তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দিহিং নদীৰ অৰুণাচল ঘাটত আজি এক অঘটন সংঘটিত হয়। নদীত গা ধুবলৈ গৈছিল চাৰি শিশু। চাৰি শিশুৰ মাজৰে দুই কণমানি নদীত সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নদীৰ সোঁতে উটুৱাই লৈ গ'ল দুয়োকে। আন দুটি শিশু ঘৰলৈ আহি খবৰ দিয়াত হাহাকাৰ লাগে অঞ্চলটোত। বৰ্তমান SDRF বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নদীত শিশু দুটিৰ অনুসন্ধান আৰম্ভ কৰিছে। সন্ধানহীন কণমানি দুজনীৰ নাম ৰাণী পাটিৰ আৰু জেৰীনা ময়ং। দুয়োৰে ঘৰ জাগুনৰ কাৰপংপুলি গাঁৱত।
Published by:
Sanjay Kumar Das
First published:
August 11, 2020, 4:25 PM IST