মুখ্যপৃষ্ঠা »খবৰ »অসম »Dhubri Child Marriage: তামাৰহাটত বাল্য বিবাহৰ গোচৰত আটকৰ মুক্তিৰ দাবীত থানা ঘেৰাও, আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ ...

Dhubri Child Marriage: তামাৰহাটত বাল্য বিবাহৰ গোচৰত আটকৰ মুক্তিৰ দাবীত থানা ঘেৰাও, আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ ...

Child Marriage: বিলাসীপাৰা থানাতো পৰিস্থিতি উত্তপ্ত, প্ৰতিবাদকাৰীয়ে থানাৰ গেটত লগালে তলা। তামাৰহাটত বাল্য বিবাহৰ গোচৰত আটকৰ মুক্তিৰ দাবীত থানা ঘেৰাও অৱৰোধ, আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ।

Child Marriage: বিলাসীপাৰা থানাতো পৰিস্থিতি উত্তপ্ত, প্ৰতিবাদকাৰীয়ে থানাৰ গেটত লগালে তলা। তামাৰহাটত বাল্য বিবাহৰ গোচৰত আটকৰ মুক্তিৰ দাবীত থানা ঘেৰাও অৱৰোধ, আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ।

  • Share this:
ধুবুৰীৰ তামাৰহাট থানা চৌহদত ৰাতিপুৱাৰ পৰাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাল্যবিবাহৰ গোচৰত আটক ব্যক্তিক মুকলি কৰি দিয়াৰ দাবীত শ শ মহিলাই সৃষ্টি কৰে এই পৰিস্থিতি। মুক্তাৰ হুছেইন নামৰ এজন ব্যক্তিক বৃহষ্পতিবাৰে আন ছজন অভিযুক্তৰ সৈতে আটক কৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়।

বাল্যবিবাহৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছিল মুক্তাৰক।কিন্তু মুক্তাৰ বাল্য বিবাহৰ লগত জড়িত নহয় বুলি দাবী লৈ ওলাই আহে  শ শ মহিলা। পিছত উক্ত মহিলাৰ দলৰ লগত স্থানীয় এচামেও অংশগ্ৰহণ কৰি থানা চৌহদৰ পৰিস্থিতি উত্তাল কৰি তোলে। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবৰ বাবে  তামাৰহাট আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীও ঘটনাস্থলীত ৰাইজক বুজাবলৈ চেষ্টা কৰে। কিন্তু উত্তেজিত জনতাই প্ৰথমে থানা চৌহদত প্ৰতিবাদ কৰি পিছত থানাৰ সন্মুখতে ধুবুৰী কচুগাঁও গড়কাপ্তানী পথ অৱৰোধ কৰে।আৰক্ষীৰ লগত ঠেলা-হেচাত দুগৰাকী মহিলা থানাৰ চৌহদতে অৱচেতন হৈ পৰিছে। পিছত প্ৰতিবাদকাৰীসকলক দণ্ডাধীশে অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও প্ৰতিবাদ কাৰীয়ে আৰক্ষীৰ লগত সহযোগিতা নকৰাৰ ফলত প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰে প্ৰশাসনে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰে আৰক্ষীয়ে। উক্ত ঘটনাত এজন চিআৰপিএফ জোৱান আহত হয়। পিছত পৰিস্থিতি আৰক্ষীৰ নিয়ন্ত্ৰণাধীন হয় আৰু বাল্য বিবাহ কাণ্ডত তামাৰহাট থানা অঞ্চলৰ আটকাধীন ৭ গৰাকীক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে।ইপিনে জিলাখনৰ বিলাসীপাৰাত বাল্য বিবাহ কৰা অবৈধ স্বামীৰ লগতে তেনে পৰিয়ালৰ ৩৩ জনক আটক কৰে আৰক্ষীয়ে । বাল্য বিবাহ সংক্ৰান্তত আটক হোৱা ব্যক্তি সকলক মোকলাই দিয়াৰ দাবীত বিলাসীপাৰা থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।আটকাধীন ব্যক্তিৰ পৰিয়ালৰ শ শ পুৰুষ মহিলাই ঘেৰাও কৰে বিলাসীপাৰা থানা । ইয়াতে ক্ষান্ত নাথাকি লোকসকলে থানাৰ সন্মুখতে পথ অৱৰোধ কৰে ।আটকাধীন অবৈধ স্বামী আৰু পৰিয়ালৰ সদস্য সকলক আদালতলৈ নিয়াৰ সময়ত বাধা প্ৰদান কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইয়াৰ পিছতে থানাৰ গেটত তলা মাৰি দি উত্তেজিত লোকসকলে থানা ঘেৰাও কৰে ।উত্তেজিত লোক সকলে আৰক্ষীৰ বাহনকো আৱদ্ধ কৰি ৰাখে । ফলত থানা চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।পিছত আৰক্ষীয়ে থানাৰ গেটৰ তলা ভাঙি আটকাধীন সকলোকে আদালতলৈ প্ৰেৰণ কৰে। আনহতে ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনী, সাপটগ্ৰাম আৰু চাপৰ আৰক্ষী থানা অঞ্চলত আটকাধীন সকলোকে আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।

শেহতীয়া বাতৰি