உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দৰা আহি কইনা ঘৰ পাইছিলহে, পিছে পিছে আহিল আৰক্ষী, বিয়া পাতি জীৱনটো ৰঙীন কৰাৰ সপোন পূৰণ নহ’ল কদমৰ

    দৰা আহি কইনা ঘৰ পাইছিলহে, পিছে পিছে আহিল আৰক্ষী, বিয়া পাতি জীৱনটো ৰঙীন কৰাৰ সপোন পূৰণ নহ’ল কদমৰ

    ঘটনাটো বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ধুলাবৰী গাঁৱৰ। বুধবাৰে আছিল গাঁওখনৰ যুৱক কদম আলীৰ বিয়া।

    ঘটনাটো বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ধুলাবৰী গাঁৱৰ। বুধবাৰে আছিল গাঁওখনৰ যুৱক কদম আলীৰ বিয়া।

    ঘটনাটো বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ধুলাবৰী গাঁৱৰ। বুধবাৰে আছিল গাঁওখনৰ যুৱক কদম আলীৰ বিয়া।

    • Share this:
    বিয়াঘৰত উখল–মাখল পৰিৱেশ। এফালে দৰাঘৰ, আনফালে কইনাঘৰ, দুয়োখন ঘৰ উদুলি–মুদুলি। সাজি–কাচি দৰা ওলাল বিয়া কৰাবলৈ, লগত বৰযাত্ৰীৰ দল। ইফালে, কইনাঘৰত চলিছে দৰাক আদৰাৰ প্ৰস্তুতি। যথা সময়ত বৰযাত্ৰীসহ কইনাঘৰত উপস্থিত হ’ল দৰা। কিন্তু তাৰ পিছতে ঘটিল অথন্তৰ।

    ঘটনাটো বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ধুলাবৰী গাঁৱৰ। বুধবাৰে আছিল গাঁওখনৰ যুৱক কদম আলীৰ বিয়া। কইনাৰ ঘৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত পূব ছটলাত। দিনতে কইনাঘৰত উপস্থিত দৰা। লগত বৰযাত্ৰীৰ দল। কিন্তু দৰা আহি কইনাঘৰ পোৱাৰ লগে লগে লাগিল হাহাকাৰ।

    দৰাৰ পিছে পিছে বিয়াঘৰত উপস্থিত হ’ল আৰক্ষীৰ দল। লগে লগে হুৱাদুৱা। ঘটনা কি? জানিব পৰা গ’ল কইনাৰ বয়স ১৫ বছৰ। নাবালিকাক বিয়া কৰাবলৈ আহি আৰক্ষীৰ জালত পৰিল দৰাসহ ৯জন লোক।

    মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে কইনাৰ ঘৰত উপস্থিত হৈ আটক কৰে কইনাৰ আত্মীয়, দৰা, কাজী, দৰাৰ অভিভাৱক, মাতবৰকে ধৰি ৯ গৰাকী লোকক। আটক হোৱা লোক কেইবাগৰাকী ক্ৰমে নবুৰ উদ্দিন, কাজী জচিম উদ্দিন, দৰা কদম আলী, জিন্নত আলী, হবিবৰ ৰহমান, গহেৰ চান্দ, আব্দুল্লা আলী, চৰিফ আলী আৰু নস্কৰ আলী।

    ঘটনা সন্দৰ্ভত ৰফিকুল ইছলাম নামৰ এগৰাকী শিশু সুৰক্ষা কৰ্মীয়ে বাল্য বিবাহখনৰ বিৰুদ্ধে মাজদিয়া আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। আটক কৰা ব্যক্তিকেইগৰাকীক মাজদিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে। আনহাতে, কিশোৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি বৃহস্পতিবাৰে বৰপেটা  শিশু সুৰক্ষা সমিতিত উপস্থিত কৰায়। বাল্য বিবাহৰ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    Published by:Sanjay Kumar Das
    First published: