বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বঙাইগাঁও (Bongaigaon) জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কাবাইটাৰীত এগৰাকী গৰ্ভৱতী কিশোৰী মৃত্যুমুখত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দেওবাৰে অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় কিশোৰীগৰাকীৰ। কৰেয়া প্ৰথম খণ্ডৰ ১৬ বছৰীয়া কিশোৰীগৰাকী প্ৰায় এবছৰ পূৰ্বে কাবাইটাৰী প্ৰথম খণ্ডৰ সাহিনুৰ আলীৰ সৈতে বিবাহ সম্পন্ন হৈছিল।
কিশোৰীগৰাকী গৰ্ভৱতী (Pregnant Teenager) হোৱাত পৰিয়ালৰ লোকে চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতে সন্তান প্ৰসৱৰ চেষ্টা চলাইছিল। কিন্তু কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত পৰিয়ালৰ লোকে চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে বঙাইগাঁওলৈ প্ৰেৰণ কৰে। বঙাইগাঁওলৈ নিয়াৰ পথত কিশোৰীগৰাকীৰ মৃত্যু হয়।
ঘটনা সন্দৰ্ভত বুধবাৰৰ দিনা বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ দল চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইপিনে আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ স্বামী সাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।