মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। এই অভিযান ১৮ বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা লোকৰ বিৰুদ্ধে চলিছে।
এই সন্দৰ্ভত আৰক্ষীয়ে যি তথ্য দাঙি ধৰিছে তাৰ বিপৰীতে নিউজ18ৰ অনুসন্ধানত অতিকৈ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। যোৰহাটত আৰক্ষীয়ে বাল্য বিবাহৰ ২৫ টা ঘটনাৰ তথ্য দাঙি ধৰিছে যদিও প্ৰকৃত ছবিখন অতিকৈ ভয়ংকৰ।
যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ২০২২ বৰ্ষৰ তথ্য অনুসৰি চিকিৎসালয়খনত ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ৩৪২ গৰাকী কিশোৰীয়ে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিছিল।
ইয়াৰ ভিতৰত, বিগত বৰ্ষত ১৭ বছৰ বয়সৰ প্ৰায় ২৯ গৰাকী, ১৬ বছৰ বয়সৰ প্ৰায় ৭ গৰাকী আৰু ১৮ বছৰ বয়সৰ ৩০৬ গৰাকী কিশোৰীয়ে গৰ্ভধাৰণ কৰি চিকিৎসাৰ বাবে JMCHত ভৰ্তি হৈছিল। এই কিশোৰীসকলৰ অধিকাংশই যোৰহাটৰ নিৱাসী আছিল যদিও একাংশ মাজুলীৰ কিশোৰীও এই তালিকাত আছে।
অসমৰ স্বাস্থ্য বিভাগত ১৮ বছৰৰ তলত গৰ্ভধাৰণ কৰা কিশোৰীসকলৰ সম্পূৰ্ণ তথ্য মজুত আছে। বাল্য বিবাহৰ পৰিণতিতে এই কিশোৰীসকলৰ অধিকাংশই গৰ্ভধাৰণ কৰি মাতৃত্বৰ বোজা বহন কৰিব লগা হৈছে। কিন্তু চৰকাৰৰ ওচৰত বহুখিনি তথ্য থকাৰ পিছতো আৰক্ষীয়ে অভিযান চলোৱা এই নগণ্যসংখ্যক বাল্য বিবাহৰ ঘটনাৰ উৎস কি আৰু স্বাস্থ্য বিভাগৰ ওচৰত মজুত থকা এই তথ্যসমূহৰ আধাৰত চৰকাৰ তথা আৰক্ষীয়ে অভিযান চলাবনে নাই এতিয়া তাকে লৈ প্ৰশ্ন উঠিছে।
যদি চৰকাৰে সচাকৈয়ে এনেদৰে অভিযান চলায় তেন্তে অসমত এনে গোচৰত গ্ৰেপ্তাৰ কৰা লোকসকলক ৰাখিবলৈ জেলৰ অভাৱ হোৱাৰ লগতে নতুনকৈ বহু ঠাইৰ ব্যৱস্থা কৰিব লগাটো নিশ্চিত।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 03, 2023, 15:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|