লামডিং ইণ্টাৰচিটি ৰেলৰ পৰা অপহৰণ এটি কণমানি শিশু!

আৰক্ষীৰ তৎপৰতাত চৌতাৰা ষ্টেচনৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত শিশুটিক

news18assam
Updated:June 8, 2019, 8:29 AM IST
লামডিং ইণ্টাৰচিটি ৰেলৰ পৰা অপহৰণ এটি কণমানি শিশু!
আৰক্ষীৰ তৎপৰতাত চৌতাৰা ষ্টেচনৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত শিশুটিক
news18assam
Updated: June 8, 2019, 8:29 AM IST
লামডং ইণ্টাৰচিটি ৰেলত সংঘটিত হৈছে এক অপহৰণৰ ঘটনা। চৌতাৰা ৰেল ষ্টেচনত সংঘটিত হয় এই অপহৰণ কাণ্ড। পঞ্চম শ্ৰেনীত অধ্যয়নৰত কনমানিটিক চৌতাৰা ষ্টেচনত ৰেলত শুই থকা অৱস্থাতে দুৰ্বৃত্তই অপহৰণ কৰে। উল্লেখ্যযে দুৰ্ভগীয়া শিশুটিয়ে ৰেলযোগে পিতৃমাতৃৰ সৈতে আলিপুৰলৈ যাত্ৰা কৰিছিল।শুই থকা কণমানিজনীক বিচাৰি নোপোৱাত হুৱাদুৱা লাগে পিতৃমাতৃৰ মাজত। পিছত ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীক অৱগত কৰে শিশুটিৰ পিতৃ মাতৃয়ে। ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীয়ে অভিযান চলাই  চৌতাৰা ষ্টেচনৰ সমীপৰ পৰা সৌভাগ্য ক্ৰমে উদ্ধাৰ কৰে অপহৃত শিশুটিক।ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়ত শিশুটিৰ মুখমণ্ডল আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছিল। দুবৃৰ্ত্তই অপহৰণ কৰিবলৈ চেষ্টা চলোৱা শিশুটি আমিন গাঁৱৰ প্ৰদীপ কৰৰ কন্যা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি