বৰপেটা চহৰত এটা সুৰাসক্ত বান্দৰৰ (Monkey) সন্ত্ৰাসত আতংকিত হৈছে ৰাইজ ৷ বান্দৰটোৰ আক্ৰমণত এটি চাৰি বছৰীয়া শিশুসহ (Monkey Attack Child) আহত হৈছে কেইবাজনো লোক ৷ বান্দৰটোৰ আক্ৰমণৰ বলি হোৱা শিশুটিৰ নাম শুভাংকৰ তালুকদাৰ ৷ ঘৰৰ চৌহদত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত শিশুটিক আক্ৰমণ কৰে বান্দৰটোৱে ৷ বান্দৰটোৰ আক্ৰমণত চকু, কাণ, ডিঙি আদি অংশত বেয়াকৈ আঘাত পায় শিশুটিয়ে ৷
উল্লেখ্য যে বিগত ৩ মাহ ধৰি বৰপেটা (Barpeta) চহৰৰ বিভিন্ন এলেকাত সন্ত্ৰাস চলাই আহিছে বান্দৰটোৱে ৷ বিভিন্ন লোকৰ ঘৰত প্ৰৱেশ কৰি অথবা বাটে ঘাটে বান্দৰটোৱে চলাই গৈছে উপদ্ৰৱ ৷ গৃহস্থৰ চকুৰ সন্মুখতে খাদ্য সামগ্ৰী আদি খাই শেষ কৰাৰ লগতে আচবাব আদিও লণ্ড-ভণ্ড কৰিছে বান্দৰটোৱে ৷
বলিয়া বান্দৰটোৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰা ৰাইজে বন বিভাগৰ সহায় বিচাৰিছে যদিও বিভাগটোৱে এই পৰ্যন্ত কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ পূৰ্বে পোহনীয়া অৱস্থাত থকা বান্দৰটোৱে নিয়মিত সুৰা সেৱন (Drunked Monkey) কৰাৰো সন্দেহ কৰা হৈছে ৷
ইপিনে বন বিভাগে বান্দৰটো ট্ৰেংকুলাইজড কৰাৰ বাবে উৰ্ধতন কতৃপক্ষক অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা বুলি বৰপেটা খণ্ড বিভাগে জানিবলৈ দিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|