কণমানিজনীৰ মূৰত আঘাতৰ চিন থকাৰ লগতে প্ৰচূৰ পৰিমাণে ৰক্তক্ষৰণ হোৱাও প্ৰত্যক্ষ কৰা হৈছে ৷
কণমানিজনীৰ মূৰত আঘাতৰ চিন থকাৰ লগতে প্ৰচূৰ পৰিমাণে ৰক্তক্ষৰণ হোৱাও প্ৰত্যক্ষ কৰা হৈছে ৷
বৃহস্পতিবাৰে সন্ধিয়া বৰপেটাৰোডত এগৰাকী ৮ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো বৰপেটাৰোডৰ সমীপৰ জাখলিৰপাৰৰ খগেন সৰকাৰৰ কন্যা নিকিতা সৰকাৰৰ বুলি চিনাক্ত কৰা হৈছে ৷ বুধবাৰে দুপৰীয়া পিতৃৰ সৈতে একেলগে ভাত খাইছিল কন্যা নিকিতা সৰকাৰে ৷ তাৰ পিছৰে পৰাই নিকিতা সৰকাৰক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে ৷
বৃহস্পতিবাৰে সন্ধিয়া জাখলিৰপাৰৰে মোহন মাষ্টাৰৰ ঘৰৰ পালেঙৰ তলৰ পৰা নিকিতা সৰকাৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ কণমানিজনীৰ মূৰত আঘাতৰ চিন থকাৰ লগতে প্ৰচূৰ পৰিমাণে ৰক্তক্ষৰণ হোৱাও প্ৰত্যক্ষ কৰা হৈছে ৷ উল্লেখ্য যে মোহন মাষ্টাৰে উক্ত ঘৰখন নিজে বসবাস কৰা নাছিল৷ ভাৰাতীয়াকহে থাকিবলৈ দিছিল৷ ঘৰখনত বিতু নামৰ এগৰাকী লোক ভাৰাতীয়া হিচাপে আছিল বুলিও নিকিতাৰ পিতৃয়ে উল্লেখ কৰিছে৷
কণমানিজনী প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল৷ ঘটনা সন্দৰ্ভত কণমানি জনীৰ পিতৃ খগেন সৰকাৰে শিমলাগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু এই কণমানি কন্যাজনীক কোনে আৰু কি কাৰণত হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে এই সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে৷ এই হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|