অঞ্চলটোত বিদ্যুৎ কেইবাদিনো কাটি ৰাখিছিল বিদ্যুৎ বিভাগে। দুদিন ধৰি লাইন নথকাৰ বাবে কৰ্মৰত নিবাৰণ বৰাক ফোন যোগে অভিযোগ দিছিল স্থানীয় ৰাইজে।
অঞ্চলটোত বিদ্যুৎ কেইবাদিনো কাটি ৰাখিছিল বিদ্যুৎ বিভাগে। দুদিন ধৰি লাইন নথকাৰ বাবে কৰ্মৰত নিবাৰণ বৰাক ফোন যোগে অভিযোগ দিছিল স্থানীয় ৰাইজে।
তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত হাচাকত শোকাৱহ ঘটনা। ঘৰৰ সমীপতে খেলি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় শিশুটিৰ। মৃত শিশুটিৰ নাম ঋতুৰাজ মৰাং।কে ভি ইংলিছ হাই স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল শিশুটি। শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবেই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
জানিব পৰা মতে, অঞ্চলটোত বিদ্যুৎ কেইবাদিনো কাটি ৰাখিছিল বিদ্যুৎ বিভাগে। দুদিন ধৰি লাইন নথকাৰ বাবে কৰ্মৰত নিবাৰণ বৰাক ফোন যোগে অভিযোগ দিছিল স্থানীয় ৰাইজে।অভিযোগ পোৱাৰ পিছত লাইন নথকা ঠাইডোখৰ পৰিদৰ্শন নকৰাকৈ বিদ্যুত্ সৰবৰাহ সক্ৰিয় কৰি লাইন দিছিল কৰ্মচাৰীজনে। ঠাইখিনিত এডাল বিদ্যুত্ পৰিবাহী তাঁৰ ছিঙি পৰি আছিল। তাঁৰ ডালত বিদ্যুৎ সক্ৰিয় অৱস্থাত থকাত শিশুটি খেলি থাকোতে তাৰ ডাল হাতেৰে চুই দিয়াত তাতে লাগি ধৰে।
ওচৰতে থকা এজন লোতে ঘটনাটো প্ৰত্যক্ষ কৰাত এডাল শুকান মাৰিৰে শিশুটিক আঁতৰাই আনে যদিও আগতেই শিশুটিৰ কৰুণ মৃত্যু ঘটে। বৰ্তমানেও তাঁৰডাল পৰি থকা অৱস্থাত আছে। ঘটনাস্থলীত আৰক্ষী আৰু শক্তি বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|