বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Golaghat News: মেৰাপানীৰ চাউদাংপথাৰ চৰাইমাৰীত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ কৰুণ মৃত্যু

Golaghat News: মেৰাপানীৰ চাউদাংপথাৰ চৰাইমাৰীত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ কৰুণ মৃত্যু

Golaghat News: মেৰাপানীৰ চাউদাংপথাৰ চৰাইমাৰীত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ কৰুণ মৃত্যু

নগাঁও জিলাৰ সৰুপথাৰৰ বাসিন্দা পৰিয়াল এটিৰ শিশুটিয়ে কেইদিনমানৰ পূৰ্বে মেৰাপানীৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাউদাংপথাৰ চৰাইমাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটিলে এটি চাৰি বছৰীয়া শিশুৱে।

নগাঁও জিলাৰ সৰুপথাৰৰ বাসিন্দা পৰিয়াল এটিৰ শিশুটিয়ে কেইদিনমানৰ পূৰ্বে মেৰাপানীৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। কিন্তু মঙলবাৰে ঘৰত সংযোগ কৰি ৰখা আৰ্থিনত স্পৰ্শ কৰাৰ পিছতেই বিদ্যুৎস্পৃষ্ট হয় শিশুটি।

পৰিয়ালৰ লোকে শিশুটিক ততাতৈয়াকৈ মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন