• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যজুৰি চিকিৎসকৰ ধৰ্মঘটৰ কৰুণ পৰিণতি, চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে নাজিৰাৰ এটি কণমানিয়ে

ৰাজ্যজুৰি চিকিৎসকৰ ধৰ্মঘটৰ কৰুণ পৰিণতি, চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে নাজিৰাৰ এটি কণমানিয়ে

ৰাজ্যজুৰি চিকিৎসকসকলে কৰা ধৰ্মঘটৰ কৰুণ পৰিণতি ৷ 

ৰাজ্যজুৰি চিকিৎসকসকলে কৰা ধৰ্মঘটৰ কৰুণ পৰিণতি ৷ 

ৰাজ্যজুৰি চিকিৎসকসকলে কৰা ধৰ্মঘটৰ কৰুণ পৰিণতি ৷ 

  • Share this:
চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে নাজিৰাৰ এটি কণমানি  শিশুৱে ৷ শুকুৰবাৰে পূৱাৰ ভাগত নাজিৰা মেকিপুৰৰ মেম মাটিৰ আৰিয়ন চবৰ নামৰ এটি ২ বছৰীয়া শিশু মৃগী ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়লৈ পৰিয়ালৰ লোকে লৈ আনে যদিও চিকিৎসালয়খনত চিকিৎসা নাপাই কৰুণভাৱে মৃত্যুক (ChildDeath) সাৱটি লয় শিশুটিয়ে।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি সেই সময়ত চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে চিকিৎসকৰ প্ৰতিবাদৰ হেতু চিকিৎসালয়ত চিকিৎসক নাই বুলি ঘূৰাই পঠিয়ায় শিশুটিক। ইফালে লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত শিশু বিশেষজ্ঞ জনৰ চৰকাৰী আৱাসগৃহলৈ গৈ পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবে কাকুতি-মিনতি কৰে যদিও চিকিৎসকজনে ধৰ্মঘট (Doctors Protest)ৰ দোহাই দি শিশুটিক চিকিৎসা প্ৰদান নকৰিলে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। যাৰ পৰিণতিত বিনা চিকিৎসাৰে মৃত্যুক সাৱতিলে ২ বছৰীয়া শিশুটিয়ে।
Published by:Manjumoni Borah
First published: