কামপুৰ-বৈঠালাংছু পথত দেওবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়। কামপুৰ-বৈঠালাংছু পথৰ কচুৱাৰ গেৰেজাইপামত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।এখন তীব্ৰবেগী উইংগাৰৰ খুন্দাত নিহত হয় এটি শিশু। জানিব পৰা মতে মৃত শিশুটিৰ নাম ছানিয়া বেগম।
উল্লেখযোগ্য যে ৰাস্তাৰ কাষত ৰৈ থকা শিশুটিক এখন গাড়ী অভাৰটেক কৰিবলৈ গৈ উইংগাৰখনে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় তিনি বছৰীয়া শিশুটি। ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই উইংগাৰখন এৰি চালক পলাই যায়। দুৰ্ঘটনা সংঘটিত কৰা উইনগাৰখন ইতিমধ্যে কচুৱা আৰক্ষীয়ে জব্দ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰখনৰ নম্বৰ হৈছে AS 02 CC 1462।