
মৃত শিশুটিৰ নাম নিৰজ প্ৰসাদ।
মৃত শিশুটিৰ নাম নিৰজ প্ৰসাদ।
ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে চিলা উৰুৱাই খেলি থকা অৱস্থাত দুমহলীয়া ঘৰৰ ছাঁদৰ পৰা সৰি পৰিল নিৰজ প্ৰসাদ নামৰ এটি ১০ বছৰীয়া শিশু।
গুৰুতৰভাৱে আহত শিশুটিক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ গ্ৰেহেম বজাৰ অঞ্চলত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|