চাংসাৰিত মৃত্যুদূতৰূপী ট্ৰাকে বুকু শুদা কৰিলে এগৰাকী মাতৃৰ, মাতৃৰ কোলাতে ট্ৰাকৰ খুন্দাত নিহত শিশু

মহিলাগৰাকীৰ কোলাৰ পৰা শিশুটি চিটিকি পৰাত মহতিয়াই নিয়ে ট্ৰাকখনে।

News18-Assam
Updated:October 22, 2019, 7:34 AM IST
চাংসাৰিত মৃত্যুদূতৰূপী ট্ৰাকে বুকু শুদা কৰিলে এগৰাকী মাতৃৰ, মাতৃৰ কোলাতে ট্ৰাকৰ খুন্দাত নিহত শিশু
মহিলাগৰাকীৰ কোলাৰ পৰা শিশুটি চিটিকি পৰাত মহতিয়াই নিয়ে ট্ৰাকখনে।
News18-Assam
Updated: October 22, 2019, 7:34 AM IST
বাইহাটা চাৰিআলিৰ চাংসাৰিৰ চৌকীগে’টত ভয়ংকৰ দুৰ্ঘটনা। মাতৃৰ কোলাতে দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এটি কণমানিৰ। চন্দ্ৰমা কলিতা নামৰ মহিলাগৰাকীয়ে নিজৰ ডেৰ বছৰীয়া শিশুটি কোলাত লৈ পথৰ কাষেৰে খোজকাঢ়ি ওচৰতে থকা মাকৰ ঘৰলৈ গৈ আছিল। সেই সময়তে দ্ৰুতবেগত অহা এখন ট্ৰাকে খুন্দা মাৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ কোলাৰ পৰা শিশুটি চিটিকি পৰাত মহতিয়াই নিয়ে ট্ৰাকখনে। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় কণমানিটিৰ। দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে অৱৰোধ কৰে পথটো। ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হোৱাৰ পিছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি