মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত বাগ্ৰী শিশু কোভিড সেৱা কেন্দ্ৰ উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:August 30, 2020, 8:18 PM IST
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত বাগ্ৰী শিশু কোভিড সেৱা কেন্দ্ৰ উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বেছি কম বয়সৰ পজিটিভ শিশু থাকিলে সেই শিশুৰ লগত মাককো থকাৰ ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে।

বেছি কম বয়সৰ পজিটিভ শিশু থাকিলে সেই শিশুৰ লগত মাককো থকাৰ ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে।

  • Share this:
অসমত শেহতীয়াকৈ কোভিড পজিটিভ লোকৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। তেনেক্ষেত্ৰতে দেওবাৰে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত বাগ্ৰী শিশু কোভিড সেৱা কেন্দ্ৰ উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কোৰোণা ভাইৰাছৰ এই মহামাৰী সযয়ত ৰাজ্যত যিখিনি শিশু কোভিডত আক্ৰান্ত হয়, সেইখিনি শিশুক এই অত্যাধুনিক কোভিড হাস্পতালত ভৰ্তি কৰোৱা হ’ব। বেছি কম বয়সৰ পজিটিভ শিশু থাকিলে সেই শিশুৰ লগত মাককো থকাৰ ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে।

অতি সুন্দৰ পৰিৱেশত স্থাপন কৰা এই বাগ্ৰী শিশু কোভিড সেৱা কেন্দ্ৰটোক লৈ চিকিৎসক–নাৰ্ছ আৰু চাফাই কৰ্মীসকলে সন্তোষ প্ৰকাশ কৰে। দেওবাৰৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাও উপস্থিত আছিল।
Published by: Sanjay Kumar Das
First published: August 30, 2020, 8:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading