সোণাৰিত হৃদয়বিদাৰক ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এটি ৮ মহীয়া শিশুৰ।ঘটনাটো সংঘটিত হয় চৰাইদেউ জিলাৰ বৰহাটৰ নগাকটা গাঁৱত। ঘটনাৰ বিবৰণী মতে, বৰহাটৰ নগাকটা গাঁৱৰ নিবাসী পৰমেশ্বৰ কিস্কুয়ে আজি দুপৰীয়া ১২.৩০ মান বজাত ওচৰৰ পথাৰত মাছ ধৰিবলৈ গৈছিল। আনহাতে পত্নী সবিতা কিস্কুয়ে ৰেচনৰ চাউল আনিবলৈ যোৱাতেৰ সময়তে এই ঘটনা সংঘটিত হয়।
পিতৃ–মাতৃয়ে ১২ বছৰীয়া আৰু ৮ মহীয়া দুটি সন্তানক ঘৰত অকলশৰীয়া কৈ থৈ গৈছিল। স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি, বিৰাজ কিস্কু নামৰ ১২ বছৰীয়া ল'ৰাটোৱে ঘৰৰ ভিতৰত কেৰাচিন তেলৰ টিপ চাকি লৈ কাপোৰ বিচাৰোতে কাপোৰত জুই লগাৰ ফলত নিমিষতে সমগ্ৰ ঘৰটো জুইৰ লেলিহান শিখাই চানি ধৰে।
সেই সময়ত ঘৰত কোনো ডাঙৰ মানুহ নথকাত ৮ মহীয়া দেৱশিশুটি জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।