আজি ৰাজ্যজুৰি বিশ্বমহাবীৰ চিলাৰায় (Chilarai)ৰ ৫১২ সংখ্যক জন্মজয়ন্তী পালন কৰা হয় ৷ বঙাইগাঁৱতো বিভিন্ন দল-সংগঠনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস (Chilarai Divas) পালন কৰা হয় ৷ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত স্থানীয় গান্ধী ময়দানত চিলাৰায় দিৱসৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে চিলাৰায়ৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে সমাজ কৰ্মী নন্দলাল বৰ্মনে ৷ ইয়াৰ পিছতে নাম প্ৰসংগ, আলোচনা সভা অনুষ্ঠিত হয় ৷
ইফালে বঙাইগাঁৱৰ (Bongaigaon) ৰাখলডুবিতো আক্ৰাছুৰ উদ্যোগত চিৰাৰায় দিৱসৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে ৷ দিৱসৰ লগত সংগতি ৰাখি নাম প্ৰসংগ, কোচ ৰাজবংশী লোকনৃত্য পৰিৱেশনৰ লগতে আলোচনা সভা অনুষ্ঠিত কৰা হয়। বঙাইগাঁও জিলা আক্ৰাছু আৰু ৰাখালডুবি আঞ্চলিক আক্ৰাছুৰ সহযোগত দিনযোৰাকৈ এই দিৱস পালন কৰা হয়।