உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সুদীৰ্ঘ ২২ বছৰৰ মূৰত পিতৃৰ আপোন ঘৰখনত মুখ্য সচিব জিষ্ণু বৰুৱা

    সুদীৰ্ঘ ২২ বছৰৰ মূৰত পিতৃৰ আপোন ঘৰখনত মুখ্য সচিব জিষ্ণু বৰুৱা

    ব্যস্ততাৰ মাজতে ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱা বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হ’ল পিতৃৰ জন্মস্থান টীয়কৰ চাওদাং গাঁৱত।

    • Share this:
    সুদীৰ্ঘ ২২ বছৰৰ মূৰত ওপজা গাঁৱত মুখ্য সচিব জিষ্ণু বৰুৱা। গাঁওবাসীয়ে মৰমত আপোন পাহৰা হৈ পৰে জিষ্ণু বৰুৱাক লৈ।সপত্নীক মুখ্য সচিবে নিজ গাঁৱত বান-বাতিত ল’লে চাহৰ জুতি। ক’লে - গাঁৱৰ ৰাইজৰ এই মৰমক মই কেতিয়াও পাহৰিব নোৱাৰা।

    ব্যস্ততাৰ মাজতে ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱা বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হ’ল পিতৃৰ জন্মস্থান টীয়কৰ চাওদাং গাঁৱত। সমগ্ৰ যোৰহাটৰে গৌৰৱ তথা টীয়কৰ সুযোগ্য সন্তান জিষ্ণু বৰুৱাক উৰুলি–ধ্বনি তথা গায়ন–বায়নেৰে গাঁওখনৰ নামঘৰলৈ আদৰি নিলে। এই আদৰ মৰমত অভিভূত হৈ পৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে তেওঁৰ পত্নী।

    ইপিনে চাওদাং গাঁৱৰ নামঘৰত গাঁৱৰ ৰাইজে হৰিধ্বনি দি আৰ্শীবাদ দিয়ে জিষ্ণু বৰুৱাক।বিভিন্ন দল–সংগঠন উপস্থিত হৈ নামঘৰতেই সম্বৰ্ধনা জনায়। পিতৃৰ ঘৰখনত উপস্থিত হৈ নষ্টালজিক হৈ পৰা টীয়কৰ সুসন্তান জিষ্ণু বৰুৱাই গাঁওখনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধান কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে।
    Published by:Sanjay Kumar Das
    First published: