বাজেটত লোৱা আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভাগসমূহক নিৰ্দেশ মুখ্য সচিবৰ

News18 Assam | News18-Assam
Updated:June 30, 2020, 7:42 PM IST
বাজেটত লোৱা আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভাগসমূহক নিৰ্দেশ মুখ্য সচিবৰ
নিযুক্তি সন্দৰ্ভতো নিৰ্দেশনা দিয়া হৈছে সকলো বিভাগক৷

নিযুক্তি সন্দৰ্ভতো নিৰ্দেশনা দিয়া হৈছে সকলো বিভাগক৷

  • Share this:
কোৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ কালত বাজেটত উল্লেখ কৰা আঁচনিসমূহ ৰূপায়ণ হ'বনে? এই সন্দৰ্ভত সময়ভিত্তিক আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷

News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ক'লে- “বাজেটত যিসমূহ আঁচনি লোৱা হৈছিল, সেইসমূহক ৰূপায়ণ কৰাৰ বাবে আমি সাজু হৈছো৷ কোভিড১৯ৰ বাবে আঁচনি ৰূপায়ণত পলম হৈছে৷ আমি সকলো বিভাগক নিৰ্দেশনা দিছো যাতে আগন্তুক ছয় মাহত আমি বাজেটত ধাৰ্য কৰা আঁচনিসমূহ ৰূপায়ণ কৰিব পাৰো৷”

ইপিনে নিযুক্তি সন্দৰ্ভতো নিৰ্দেশনা দিয়া হৈছে সকলো বিভাগক৷ এই সন্দৰ্ভত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ক'লে- “সকলো বিভাগক নিৰ্দেশনা দিছো যাতে সকলো কাম সময়ত কৰে৷ যিবোৰ পদ খালী হৈ আছে, সেইবোৰক বান্ধি দিয়া সময়সীমাৰ ভিতৰত নিযুক্তি দিবলৈ বিভাগসমূহক নিৰ্দেশ দিছো৷”

“অসমৰ স্বাস্থ্য বিভাগ দেশৰ ভাল স্বাস্থ্য বিভাগ থকা ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য৷ সেই হিচাপত আমি আমাৰ স্বাস্থ্য বিভাগক ধন্যবাদ দিবই লাগিব,” জনালে মুখ্য সচিবে৷
First published: June 30, 2020, 7:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading