মাজনিশা হঠাতে বাতিল কৰা হ'ল মুখ্যমন্ত্ৰীৰ পৰবৰ্তী দিনৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Dr. Himanta Biswa Sarma) শোণিতপুৰ ভ্ৰমণসূচী বাতিল কৰা হয়৷ তেওঁ শোণিতপুৰৰ ৰঙাপৰা, চাৰিদুৱাৰ আৰু জামুগুৰিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছিল৷ কিন্তু নিশা বাতিল কৰা হয় মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচী৷ নিশাতেই শোণিতপুৰৰ উপায়ুক্তক এই সন্দৰ্ভত জনোৱা হয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা৷
কিন্তু কিয় হঠাতে বাতিল কৰা হ'ল মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সেই সম্পৰ্কে ষ্পষ্ট কৰা হোৱা নাই৷ ধাৰণা কৰা হৈছে শুকুৰবাৰে অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অহাৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ক'ভিডত আক্ৰান্ত হয়৷ হয়তোবা এনে আশংকাতে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ভ্ৰমণসূচী বাতিল কৰা হয়৷ অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিক কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই (CM programme was suddenly cancelled)।
উল্লেখ্য আজি ৰঙাপৰা আৰু চাৰিদুৱাৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ। সেয়ে অঞ্চলকেইটাত ইতিমধ্যে কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে সকলোখিনি সাজু কৰি তোলা হৈছিল। কিন্তু হঠাতে এই কাৰ্যসূচী বাতিল হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|