ৰাজ্যৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি হোৱা বুলি অভিযোগ কৰি গ্ৰেপ্তাৰবৰণ কৰা ভিক্টৰ দাস সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কংগ্ৰেছকে ধৰি ৰাজ্যৰ বিৰোধী দল তথা সংবাদ মাধ্যমত ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ তুমুল চৰ্চা হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ''নিযুক্তি কেলেংকাৰি জেমছ বণ্ডৰ চিনেমা নহয়! ভিক্টৰ দাসে কোনোধৰণৰ উপযুক্ত প্ৰমাণ দিব পৰা নাই। ৰিজাল্টত ওলাব মুকেশ আম্বানিৰ পুতেকে চাকৰি পাইছে নে গাঁৱৰ পকৰী বিক্ৰী কৰা দুখীয়াৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাইছে, ৰিজাল্ট দিলেই পানী পানী আৰু গাখীৰ গাখীৰ হৈ যাব।''
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই প্ৰসংগত সংবাদ মাধ্যমক 'এইবিলাক কৰি ৮ লাখ ল'ৰা-ছোৱালীৰ মূৰ গৰম নকৰিব' বুলি অনুৰোধ কৰে। তেওঁ কয় যে প্ৰাক্তন বিধায়কে টকা খোজা বুলি দাবী কৰা হৈছে, কিন্তু তেওঁৰ নাম ক'ব পৰা নাই। গাড়ীৰ নম্বৰ দিলেইতো নহ'ব। এইখন জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ দিলেই সকলো ওলাই পৰিব।
মুখ্যমন্ত্ৰীয়ে এয়া এক ষড়যন্ত্ৰ বুলি আখ্যা দি প্ৰথম অৱস্থাৰ পৰা নিযুক্তি পৰীক্ষাক লৈ একাংশই নানা ভিত্তিহীন কথা উলিয়াই থকা বুলি কয়। তেওঁ প্ৰথমে ইণ্টাৰনেট বন্ধ, পৰীক্ষাৰ্থীৰ সংখ্যাক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বিষয়ৰ অৱতাৰণা কৰে। মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাই যাতে এই ধৰণৰ কথাৰ চৰ্চা কৰি ৮ লাখ নিবনুৱাক অযথা মানসিক হাৰাশাস্তি নকৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|