মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে অনুষ্ঠিত কৰা পর্যালোচনা বৈঠকত আলোচিত হয় শিক্ষক বদলীকৰণৰ বিষয়টো। বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু। শিক্ষক বদলীকৰণৰ বিষয়টোৰ ক্ষেত্রত এই বৈঠকত বিস্তৃত আলোচনা কৰি মুখ্যমন্ত্রীয়ে শিক্ষক বদলীকৰণ আইন কঠোৰভাৱে বলৱৎকৰণত গুৰুত্ব আৰোপ কৰে৷ বিশেষকৈ শিক্ষকৰ বদলি প্রক্রিয়াটো যাতে সম্পূর্ণ মেধাৰ ভিত্তিত হয়, তাৰ বাবে ছফ্টৱেৰযোগে সকলো দিশ চালিজাৰি চাবলৈ নির্দেশ দিয়ে৷ ইয়াৰ বাবে প্রয়োজনীয় এক ছফটৱেৰ শীঘ্রে প্রস্তুত কৰি তোলাৰ বাবেও মুখ্যমন্ত্রীয়ে আজি নির্দেশ দিয়ে৷ উল্লেখ্য আজিৰ এই বৈঠকতে ৰাজ্যৰ মাদ্রাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে আৰম্ভ কৰা প্রক্রিয়া দ্রুত কৰিবলৈও শিক্ষা বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|