• Home
  • »
  • News
  • »
  • assam
  • »
  • ৫৮ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা

৫৮ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা

Source-Google

Source-Google

এগৰাকী ছাত্ৰ নেতা হিচাপে ৰাজহুৱা জীৱন আৰম্ভ কৰা মুখ্যমন্ত্ৰী সোণোৱালৰ জন্ম হৈছিল ১৯৬১ চনত ডিব্ৰুগড়ৰৰ মোলোক গাঁৱত।

  • Share this:
    আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন। জন্মদিনৰ দিনা বিভিন্নজনে শুভেচ্ছাৰে ওপচাই পেলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

    ৫৮ বছৰত ভৰি দিলে ৰাজ্যৰ অন্যতম জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এগৰাকী ছাত্ৰ নেতা হিচাপে ৰাজহুৱা জীৱন আৰম্ভ কৰা মুখ্যমন্ত্ৰী সোণোৱালৰ জন্ম হৈছিল ১৯৬১ চনত ডিব্ৰুগড়ৰৰ মোলোক গাঁৱত। জীবেশ্বৰ সোণোৱালৰ ঔৰসত আৰু দীনেশ্বৰী সোণোৱালৰ গৰ্ভত জন্মগ্ৰহণ কৰা সোণোৱাল ঐতিহাসিক অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল।

    পৰৱৰ্তী সময়ত ১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কায্য নিৰ্বাহ কৰিছিল সোণোৱালে। ছাত্ৰ নেতা হিচাপে IMDT বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত সোণোৱালে আইনী যুঁজ কৰি জাতীয় নায়ক হিচাপে পৰিগণিত হয়। পৰৱৰ্তী সময়ত ৰাজনীতিৰ পথাৰত যোগদান কৰে সোণোৱালে। প্ৰথমে অসম গণ পৰিষদত যোগ দান কৰি ২০০১ চনত মৰাণ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়ে। ২০১৬ চনত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সোণোৱালৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে।

    প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও মুখ্যমন্ত্ৰীক জন্মদিনৰ দিনা জনাইছে শুভেচ্ছা। শুভেচ্ছা জনাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,  ‘সৰ্বানন্দ সোণোৱাল সুস্থ থাকক আৰু সকলো দিশতে আগুৱাই লৈ যাওক ৷‘
    First published: