মহানগৰবাসীয়ে ষষ্ঠীৰ দিনাই লাভ কৰিলে নতুন উৰণীয়া সেঁতু, জানক এই ফ্লাইঅভাৰৰ জৰিয়তে ক’ৰ পৰা ক’লৈ যাবলৈ হ’ব সুবিধা?

News18 Assam | News18-Assam
Updated:October 22, 2020, 11:59 AM IST
মহানগৰবাসীয়ে ষষ্ঠীৰ দিনাই লাভ কৰিলে নতুন উৰণীয়া সেঁতু, জানক এই ফ্লাইঅভাৰৰ জৰিয়তে ক’ৰ পৰা ক’লৈ যাবলৈ হ’ব সুবিধা?
courtesy:theguwahatitimes

  • Share this:
দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এখন নতুন উৰণীয়া সেঁতু লাভ কৰিলে ৰাইজে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গড়কাপ্তানি তথা বিত্ত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাও। তাত্‍পৰ্যপূৰ্ণ যে পূৰ্বে ডঃ শৰ্মাই দুৰ্গা পূজাৰ সময়ত এই সেঁতু মুকলি কৰাৰ কথা কৈছিল। ইয়াৰ লগতে তেওঁ আশ্বাস দিছে যে গণেশগুৰিৰ উপৰি ছুপাৰমাৰ্কেটৰ উৰণীয়া সেঁতুখন অহা ব’হাগত মুকলি কৰি দিয়া হ’ব।

আহক চমুকৈ জানো এই উৰণীয়া সেতুৰ বিশেষ দিশসমূহঃ

১) বিষ্ণু ৰাভা উৰণীয়া সেঁতু সংযোগী এই উৰণীয়া সেঁতুখন সংযোগ হৈছে আৰ জি বৰুৱা পথৰ সৈতে। উলুবাৰী দিশৰ পৰা অহা বাহনসমূহ এতিয়াৰ পৰা এই উৰণীয়া সেঁতুৰ ওপৰেৰে প্ৰবেশ কৰিব পাৰিব আৰ জি বৰুৱা পথত।

২) আৰ জি বৰুৱা পথেৰে গণেশগুৰি অভিমুখে যোৱা বাহনসমূহে পূৰ্বৰ বিষ্ণুৰাভা উৰণীয়া সেঁতুৰ তলেৰে যোৱা সলনি এতিয়াৰ পৰা এই সংযোগী উৰণীয়া সেঁতুৰ ওপৰেৰে যাব পাৰিব গণেশগুৰি অভিমুখে।

৩) এই সংযোগী উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৪২৫.৫০ মিটাৰ।

৪) এই উৰণীয়া সেঁতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পুঁজি যোগান ধৰিছিল স্ব–অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ পৰা।

৫) উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০১৯চনৰ ৬ মাৰ্চৰ পৰা।

৬) উৰণীয়া সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য লৈছিল ৩০ মাহ।
লক্ষণীয় যে, নিৰ্ধাৰিত ৩০ মাহৰ বিপৰীতে ১৯ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ল উৰণীয়া সেঁতুখনৰ।

৭) উৰণীয়া সেঁতুখনৰ ২ কাষৰ ৱালত ৰাজ্যৰ কলা-সংস্কৃতি প্ৰতিফলিত কৰিব পৰাকৈ সুন্দৰ কিছু চিত্ৰ অংকণ কৰা হৈছে।



কি অসুবিধা হোৱাৰ আশংকাঃ

এই সেঁতুখনৰ দুই স্থানত যান-জঁট হোৱাৰ আশংকা কৰা হৈছে। কাৰণ উলুবাৰীৰ পৰা অহা যান-বাহনসমূহ আৰ জি বৰুৱা পথেৰে ঘূৰি যাওতে আৰ জি বৰুৱা পথৰ পৰা ব্ৰীজৰ ওপৰেৰে গণেশগুৰি দিশে যোৱা বাহনসমূহৰ সৈতে যান-জঁট সৃষ্টিৰ আশংকা কৰা হৈছে।

ঠিক একেদৰে এই উৰণীয়া সেঁতুখনৰ আন এক সংযোগী কেন্দ্ৰত আৰ জি বৰুৱা পথৰ পৰা যোৱা বাহন আৰু মুল পথেৰে উলুবাৰীৰ পৰা গণেশগুৰিলৈ গৈ থকা বাহনসমূহৰ সৈতে যান-জঁটৰ আশংকা কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে ড. শৰ্মাই মালিগাওঁত আন এখন উৰণীয়া সেঁতুৰ আধাৰশিলা মুকলি কৰে। ২০২০-২১ বর্ষৰ ৰাজ্য চৰকাৰৰ ‘স্ব-অগ্রাধিকাৰ পুঁজি’ৰ (এছ অ’ পি ডি) অধীনত লোকনির্মাণ (পথ) বিভাগে নির্মাণ কৰিবলগীয়া ৪২০.৭৫ কোটি টকাৰ প্রকল্প ব্যয়েৰে মালিগাঁওৰ পৰা কামাখ্যা গে’ট অভিমুখী তথা মালিগাঁও আৰু পাণ্ডু সংযোগী এখন চাৰিলেনযুক্ত ফ্লাই অ’ভাৰ নির্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়৷

নিৰ্মাণ হ’বলগীয়া এই ফ্লাই অ’ভাৰখন মালিগাঁৱত আৰম্ভ হৈ এ টি ৰ’ডৰ কামাখ্যা মন্দিৰ গে’টত সমাপ্ত হ’ব৷ সেঁতুখনৰ এটা পথ পাণ্ডুঘাট সংযোগী পথৰ দিশেও সম্প্রসাৰণ কৰা হ’ব৷ প্রায় ৩ কিল’মিটাৰ দৈর্ঘযৰ এই সেঁতুখন নির্মাণ হৈ উঠিলে ই ৰাজ্যৰ ভিতৰতে দীর্ঘতম ফ্লাই অ’ভাৰ হিচাপে পৰিগণিত হ’ব৷ ফ্লাই অ’ভাৰৰ কাম অহা দুবছৰৰ ভিতৰত সম্পূর্ণ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷

উল্লেখ্য যে মহানগৰখনৰ বিভিন্ন ঠাইত ৯খনকৈ ফুট অ’ভাৰব্রীজৰ নির্মাণকার্য চলি থকাৰ লগতে গুৱাহাটী ক্লাবৰ পৰা বামুণীমৈদাম সংযোগী আন এখন ফ্লাই অ’ভাৰৰ নির্মাণৰ চৰ্চা চলাই থকা হৈছে।
First published: October 22, 2020, 11:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading