• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত পুনৰ লকডাউন! মৰিয়নিত মুখ্যমন্ত্ৰীয়ে লকডাউনক লৈ দিলে গুৰুত্বপূৰ্ণ মন্তব্য

ৰাজ্যত পুনৰ লকডাউন! মৰিয়নিত মুখ্যমন্ত্ৰীয়ে লকডাউনক লৈ দিলে গুৰুত্বপূৰ্ণ মন্তব্য

 ৰাজ্যত দুৰ্গাপূজাৰ পিছতে কোৰোনাৰ প্ৰাদুৰ্ভাব কিছু বৃদ্ধি পাইছিল।

ৰাজ্যত দুৰ্গাপূজাৰ পিছতে কোৰোনাৰ প্ৰাদুৰ্ভাব কিছু বৃদ্ধি পাইছিল।

ৰাজ্যত দুৰ্গাপূজাৰ পিছতে কোৰোনাৰ প্ৰাদুৰ্ভাব কিছু বৃদ্ধি পাইছিল।

  • Share this:

কোৰোনাক লৈ শংকাৰ অন্ত নাই। অন্ত নাই কৌতূহলৰ। কোৰোনা এতিয়াও শূন্যৰ ঘৰত অহাৰ পৰিৱৰ্তে মাজে মাজে ইয়াৰ সংক্ৰমণৰ ঊৰ্ধ্বমুখী গতিৰ তথ্যই স্বাভাৱিকতে জনতাক ভিন্ন প্ৰশ্নৰ মাজত ৰাখিছে।


কোৰোনাক লৈ চলা চৰ্চাৰ মাজতে লকডাউনক লৈও জনতাৰ মাজত চৰ্চা হৈছে। এই সন্দৰ্ভত আজি মৰিয়নিলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ''অসমত আৰু লকডাউন নহয়।'' তেওঁ কোভিডৰ পৰা ৰক্ষা পাবলৈ সকলোকে ভেকচিন লোৱাৰ আহ্বান জনায়। মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰ সভাত যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ১৭-১৮ বছৰৰ ল'ৰা-ছোৱালীকো ভেকচিন দিয়া হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে নিৰ্বাচন আহিব আৰু যাব, কিন্তু কোভিডৰ পৰা সকলো বাচি থাকিব লাগিব। এই সম্পৰ্কত লকডাউনক লৈ চলা উৰাবাতৰি প্ৰসংগত টুইটাৰযোগেও প্ৰকাশ কৰে।





উল্লেখ্য, ৰাজ্যত দুৰ্গাপূজাৰ পিছতে কোৰোনাৰ প্ৰাদুৰ্ভাব কিছু বৃদ্ধি পাইছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৈঠকতো বহিছিল। অৱশ্যে সম্প্ৰতি ৰাজ্যত কোৰোনাৰ সংক্ৰমণ গতি শংকাজনক অৱস্থাত নাই।

Published by:Gautam Barman
First published: