গৰুখুঁটিৰ পৰা কোনে তুলিছিল টকা? উচ্ছেদৰ বিৰুদ্ধে আইনী যুঁজৰ বাবে তুলিছিল টকা! এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ক'লে- “পি এফ আয়ে গৰুখুঁটিৰ পৰা তুলিছিল টকা ৷ আইনী যুঁজ দিয়াৰ নামত PFIৰ ২২জনে ২৮ লাখ টকা উঠাইছিল ৷ PFIৰ সন্দৰ্ভত আৰু তথ্য পোহৰলৈ আহি আছে ৷”
এয়া আছিল খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্য ৷ চৰকাৰে যাতে গৰুখুঁটিৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিব নোৱাৰে তাৰ বাবে পি এফ আয়ে আইনী যুঁজ দিয়াৰ বাবে গৰুখুঁটিৰ বেদখলকাৰীৰ পৰা টকা তুলিছিল ৷
পিছে গৰুখুঁটিৰ উচ্ছেদৰ বিৰোধিতা কৰা বিৰোধী কংগ্ৰেছে ইয়াক চৰকাৰৰ ব্যৰ্থতাহে আখ্যা দিছে ৷ দেওবাৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ক'লে- “কোনোবাই যদি টকা তুলিছিল, চোৰাংচোৱাই কি কৰি আছিল? সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰী চোৰাংচোৱা ৷”
PFIক লৈ উঠা প্ৰশ্নক লৈ একেই সুৰত সুৰ মিলালে বিৰোধী AIUDFয়েও ৷ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ প্ৰশ্ন- “২২জনে যদি ২৮ লাখ উঠাইছিল, আৰক্ষীয়ে কি কৰি আছিল? আৰক্ষীয়ে আগতীয়াকৈ কিয় ব্যৱস্থা নল'লে?”
বিৰোধী বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ দাবী- “PFI সমগ্ৰ দেশতে কাম কৰা ছাত্ৰ সংগঠন। অসমত যদি দেশদ্ৰোহী কাম কৰিছে, PFIৰ বিৰুদ্ধে ব্যৱস্থা লওক চৰকাৰে ৷ চৰকাৰে নিষিদ্ধ কৰক PFIক ৷ তাকে নকৰি কথা কৈ থাকিলেই নহয় ৷”
এনেকৈয়ে এতিয়া ছিপাঝাৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানক লৈ দেশজুৰিয়েই নহয়, বিশ্বত চৰ্চা চলা বিষয়টোত সাঙুৰ খাই পৰিছে PFI নামৰ ছাত্ৰ সংগঠনটো ৷ যিটো সংগঠন বড়োভূমিৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু বিগত CAA আন্দোলনৰ সময়তো ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|