মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma: জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰসংগত কি ক'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

CM Himanta Biswa Sarma: জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰসংগত কি ক'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

নকল সোণৰ বেহা দুই লোভী মানুহৰ কাম– মুখ্যমন্ত্ৰী

নকল সোণৰ বেহা দুই লোভী মানুহৰ কাম– মুখ্যমন্ত্ৰী

নকল সোণৰ বেহা দুই লোভী মানুহৰ কাম– মুখ্যমন্ত্ৰী

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত আগন্তুক নিযুক্তি পত্ৰ বিতৰণক লৈ সংবাদমেল সম্বোধন কৰে। প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীক নকল সোণ আৰু জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়– এয়া দুজন লোভী মানুহৰ মাজৰ কাম। অসমৰ পৰা নকল সোণৰ বেহা শীঘ্ৰেই শেষ কৰা হ'ব।

সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত প্ৰকাশ কৰে যে এই গোচৰ ইতিমধ্যে চি বি আইলৈ প্ৰেৰণ কৰা হৈছে। এই তদন্ত যাতে নিৰপেক্ষ হয় তাৰ বাবে চি বি আই (CBI)লৈ বিষয়টো হস্তান্তৰ কৰা হৈছে। অসম চৰকাৰৰ ইয়াত কোনো কৰিবলগীয়া নাই।

এই প্ৰসংগতে তেওঁ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম জোনমণি ৰাভা (Jonmani Rabha)ৰ মাতৃয়ে দাখিল কৰা এজাহাৰত উল্লেখ থকা প্ৰসংগত কয়– চি বি আইৰ তদন্তত যদি কাৰোবাক দোষী হিচাপে পোৱা যায়, তেওঁ জে'ললৈ যাব লাগিব। অসম চৰকাৰে গোচৰটো চি বি আইলৈ প্ৰেৰণ কৰিছে. সেয়ে এই বিষয়ত তদন্তৰ খাতিৰত অসম চৰকাৰে কোনো মন্তব্য নকৰে। মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) এই দিশত আৰক্ষীকো সজাগ কৰি দিছে, যাতে ভুলতো কাৰো নাম তেওঁলোকে এই প্ৰসংগত প্ৰকাশ নকৰে।

শেহতীয়া বাতৰি