মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ সময়ত দিয়া ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা আৰু অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ প্ৰসংগ উত্থাপন কৰে।
মুখ্যমন্ত্ৰীয়ে আনন্দ শৰ্মাৰ পৰিয়ালে ডিব্ৰুগড়তে চিকিৎসা কৰাটো বিচাৰা বুলি জানিবলৈ দি তেওঁৰ চিকিত্সা তাতেই কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে ছাত্ৰগৰাকীৰ অস্ত্ৰোপচাৰ অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিব বুলি কয়।
ইয়াৰ লগতে অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত কয়- ''অসম-মেঘালয়ৰ সাংবিধানিক সীমা আছে, যি আমি মানি আছোঁ। মেঘালয়ে দুটা অংশক লৈ নতুনকৈ আলোচনা বিচাৰিছে। আলোচনাৰ বাবে সময় লাগিব। মেঘালয় চৰকাৰে অসমৰ গাড়ী বন্ধ কৰি ৰখা নাই, মইহে বন্ধ কৰিবলৈ কৈছোঁ।''
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|