உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Project Sadbhavana: ঘৰত বহিয়েই সমাধান কৰাব পাৰিব দিছপুৰৰ সকলো কাম, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে নতুন আঁচনিৰ কথা

    Project Sadbhavana: ঘৰত বহিয়েই সমাধান কৰাব পাৰিব দিছপুৰৰ সকলো কাম, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে নতুন আঁচনিৰ কথা

    মুখ্যমন্ত্ৰীয়ে কয় যে ''জনতাৰ সেৱাৰ বাবে মন্ত্ৰীসকল দিছপুৰত আছে আৰু তেওঁলোকে আপোনালোকৰ কাম আগবঢ়াই দিব।''

    মুখ্যমন্ত্ৰীয়ে কয় যে ''জনতাৰ সেৱাৰ বাবে মন্ত্ৰীসকল দিছপুৰত আছে আৰু তেওঁলোকে আপোনালোকৰ কাম আগবঢ়াই দিব।''

    মুখ্যমন্ত্ৰীয়ে কয় যে ''জনতাৰ সেৱাৰ বাবে মন্ত্ৰীসকল দিছপুৰত আছে আৰু তেওঁলোকে আপোনালোকৰ কাম আগবঢ়াই দিব।''

    • Share this:

    এতিয়াৰ পৰা আপুনি দিছপুৰত গৈ হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে। অনলাইনত আবেদন কৰিয়েই দিছপুৰৰ সকলো কাম সমাধান কৰিব পাৰিব আপুনি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Chief minister Dr Himanta Biswa Sharma) ঘোষণা কৰিছে নতুন আঁচনি।


    সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ''প্ৰজেক্ট সদ্ভাৱনা'' (Project Sadbhavana) নামৰ নতুন আঁচনিৰ বিষয়ে উল্লেখ কৰে। এই কথা তেওঁ যোৰহাট- মাজুলী সংযোগী দলং (Jorhat-Majuli link bridge) নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিবলৈ মাজুলীত উপস্থিত হৈ কয়। উল্লেখ্য কোনো কামৰ বাবে দিছপুৰ (Dispur)লৈ অহা-যোৱা কৰাৰ বাবদ বহুখিনি শ্ৰম আৰু ধনৰ খৰচ হয়।


    এনে পৰিপ্ৰেক্ষিতত এই আঁচনি মৰ্মে এতিয়াৰে পৰা ঘৰৰ পৰাই নিজৰ ফাইলৰ নম্বৰ অনলাইনযোগে প্ৰদান কৰিলেই ফাইলৰ কাম আগবাঢ়িব।


    তেওঁ কয় যে ''জনতাৰ সেৱাৰ বাবে মন্ত্ৰীসকল দিছপুৰত আছে আৰু তেওঁলোকে আপোনালোকৰ কাম আগবঢ়াই দিব।'' উল্লেখ্য, অতি কম দিনৰ ভিতৰতে ''প্ৰজেক্ট সদ্ভাৱনা'' আঁচনি মৰ্মে নতুন পৰ্টেল মুকলি কৰাৰ সম্ভাৱনা আছে।


     Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: