• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ টি–২০ মেচৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে 91 yards ক্লাব

গুৱাহাটীৰ টি–২০ মেচৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে 91 yards ক্লাব

৩০ ছেপ্টেম্বৰত মুকলি কৰা হ'ব আৰ্য কলেজৰ সমীপৱৰ্তী উৰণীয়া সেতু

৩০ ছেপ্টেম্বৰত মুকলি কৰা হ'ব আৰ্য কলেজৰ সমীপৱৰ্তী উৰণীয়া সেতু

৩০ ছেপ্টেম্বৰত মুকলি কৰা হ'ব আৰ্য কলেজৰ সমীপৱৰ্তী উৰণীয়া সেতু

  • Share this:

বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া টি–২০ মেচৰ পূৰ্বে মুকলি 91 yards ক্লাব। ক্লাবটোত উপলব্ধ হ'ব খেলুৱৈ আৰু অতিথিসকলৰ বাবে অত্যাধুনিক সা-সুবিধা। ছুইমিং পুল, ৰেস্তোৰাঁ, অতিথি কক্ষৰ লগতে থাকিব অন্য বহু সুবিধা।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে 91 yards ক্লাব। ক্লাব মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়– ''এ চি এৰ আঁচনিসমূহৰ ভিতৰত এই ক্লাব মুকলি কৰাৰ আঁচনি আছিল। পুৰণি খেলুৱৈসকলে এই ক্লাবৰ জৰিয়তে পুৰণি স্মৃতি ল'ব পাৰিব। দুৰ্গা পূজাৰ লগতে ক্ৰিকেটৰ জ্বৰ থাকিব গুৱাহাটীত।''


উল্লেখ্য, আজিৰ অনুষ্ঠানতে আনুষ্ঠানিকভাৱে 91 yards ক্লাব হাউছৰ সভাপতি মনোনীত কৰা হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।  মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলৰ প্ৰতি লক্ষ্য ৰাখি ৩০ ছেপ্টেম্বৰত মুকলি কৰা হ'ব আৰ্য কলেজৰ সমীপৱৰ্তী উৰণীয়া সেতু।

Published by:Gautam Barman
First published: