• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma at NRL: চাহ বাগিচাৰ ৬০০ বিঘা মাটিক লৈ প্ৰতিবাদ, নুমলীগড়ৰ শোধনাগাৰত নগৰাঞ্চলত বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা

CM Himanta Biswa Sarma at NRL: চাহ বাগিচাৰ ৬০০ বিঘা মাটিক লৈ প্ৰতিবাদ, নুমলীগড়ৰ শোধনাগাৰত নগৰাঞ্চলত বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা

 NRLৰ সম্প্ৰসাৰণৰ বাবে ৰজাবাৰী চাহ বাগিচাৰ বিবাদ ভূমি ক্ৰয়ৰ সংক্ৰান্তত  চাহ জনগোষ্ঠীয় সংগঠনৰ লগতে শ্ৰমিক আৰু  NRLৰ বিষয় ববীয়াৰ লগত গুৰুত্বপূৰ্ণ বৈঠক।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি NRLৰ নগৰাঞ্চল ৰিভাৰ ভিউ অতিথিশালাত  চাহ জনজাতি সংগঠন, ACMS, BCMS, AATSA আদিকে ধৰি চাহ শ্ৰমিক, ৰজাবাৰী চাহ বাগিচা কৰ্তৃপক্ষৰ লগত  বৈঠকত অংশ লয়। NRLৰ সম্প্ৰসাৰণৰ বাবে ক্ৰয় কৰা ৰজাবাৰী চাহ বাগিচাৰ ৬০০ বিঘা মাটিক লৈ দীৰ্ঘদিন ধৰি AATSA, ACMS, BCMS আৰু চাহ বাগিচাখনৰ শ্ৰমিকসকলে  প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। আৰু প্ৰতিবাদ আৰু ক্ৰয়ৰ ক্ষেত্ৰত থকা আসোঁৱাহ দূৰ কৰিবলৈ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী (CM Himanta Biswa Sarma) ।

এই আলোচনাত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক বিশ্বজিৎ ফুকনে । আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে NRL সম্প্ৰসাৰণৰ ক্ষেত্ৰত  এতিয়াৰ পৰা আৰু কোনো বিবাদ নহ'ব বুলি জানিবলৈ দিয়ে।

ইফালে এই আলোচনাতে  ৰজাবাৰী চাহ বাগিচাৰ  ভূমি হেৰুৱা লোকসকলৰ অস্থায়ী শ্ৰমিকক ২.৫  আৰু স্থায়ী শ্ৰমিকসকলক ৫ লাখ টকাকৈ  ক্ষতিপূৰণ দিয়াৰ লগতে একাংশ শ্ৰমিকক লেতেকোজান চাহ বাগিচাত সংস্থাপন দিয়া, ভূমি হেৰুৱা পৰিয়ালক PMAY বাসগৃহ NRL আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি