মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ দুৰ্নীতি বিৰোধী অভিযানে উন্মোচিত কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কাৰ্যকালত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিঃ জগদীশ ভূঞা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ দুৰ্নীতি বিৰোধী অভিযানে উন্মোচিত কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কাৰ্যকালত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিঃ জগদীশ ভূঞা
'প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কাৰ্যকালত সংঘটিত হৈছিল অবাধ দুৰ্নীতি ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামে এয়াই প্ৰমাণ কৰিছে ৷ পূৰ্বতেও সোণোৱাল চৰকাৰ দুৰ্নীতিৰ কথা প্ৰকাশ কৰিছিল অসম জাতীয় পৰিষদে ৷ আৰু এতিয়া AJP য়ে দাবী কৰা ধৰণে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দেখুৱাইছে।'- শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই।
'গৰু চিণ্ডিকেটৰ বাবদ ৬০ হাজাৰ কোটি টকা অবৈধ লেনদেনত জড়িতৰ অভিযোগ তুলিছিল AJP-য়ে ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাৰ কাৰ্যকালত ৪০ দিনৰ ভিতৰত ৩০টা এনকাউণ্টাৰ হৈছে ৷ স্বাধীনতাৰ পিছত ভাৰতৰ ইতিহাসত সম্ভৱতঃ এয়াই প্ৰথম বৃহৎ এনকাউণ্টাৰ ৷ আমাৰ দেশত দোষীক শাস্তি দিবৰ বাবে আইনী প্ৰক্ৰিয়া আছে ৷ কিন্তু তাৰ বিপৰীতে অপৰাধীক গুলীয়াই দিয়াটো কেতিযাও পেটাৰ্ণ হ'ব নোৱাৰে ৷ সেয়া লাগিলে অপৰাধীয়ে হওক বা আন কিবা হওক ৷'- এনেদৰে যুক্তি দিয়ে জগদীশ ভূঞাই।
ভূঞাই লগতে প্ৰশ্ন কৰে যে, 'ৰাজ্য চৰকাৰে বিধায়িনী আৰু ন্যায়পালিকাৰ ক্ষমতা কৰ্তন কৰি কাৰ্যপালিকা ক্ষমতা সৰ্বোচ্চ কৰিব বিচাৰিছে নেকি ? যাৰবাবে IPC, CRPC উলংঘন কৰিছে আৰক্ষীযয়ে৷ মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি বিশেষ ২ কাৰণবশতঃ অপৰাধীক গুলী কৰিব পাৰে আৰক্ষীয়ে ৷'
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি অসম জাতীয় পৰিষদে বৰ্তমান ৰাজ্যত অগণতান্ত্ৰিক স্বৈৰাচাৰী শাসন আৰম্ভ কৰা হৈছে বুলিও অভিযোগ কৰে। জগদীশ ভূঞাই এই সন্দৰ্ভত কয় যে, ' দোষীক শাস্তি প্ৰদান কৰিব ন্যায়পালিকাই ৷ প্ৰযোজনত অসম আৰক্ষীত সংস্কাৰ আনক ৷ কিন্তু আৰক্ষীক সংস্কাৰ কৰাৰ পৰিবৰ্তে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে। অসম আৰক্ষীত বিচক্ষণ, দায়িত্বশীল বিষয়া আছে, তেনে বিষয়াই কেতিয়াও কাৰোবাৰ ৰাজনৈতিক অভিলাস পূৰণৰ বাবে কাম কৰিব নালাগে। সকলোৱে লক্ষ্মণ ৰেখাত থাকি কাম কৰক।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|