আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তৰ নতুন গ্ৰন্থ ''আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস (মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈকে)'' উন্মোচন কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসমৰ ইতিহাস আৰু জাতীয়তাবাদ প্ৰসংগত মতামত ব্যক্ত কৰে। তেওঁ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ প্ৰসংগতো মন্তব্য আগবঢ়ায়। কেইবাটাও গুৰুত
মুখ্যমন্ত্ৰীৰ মতে, জাতীয় জীৱনৰ বস্তুনিষ্ঠ বিশ্লেষণেৰে ড০ ননীগোপাল মহন্তই সোঁতৰ বিপৰীতে গৈ এই কিতাপ লিখিছে। মহন্তই সাহসেৰে বৌদ্ধিক সন্ত্ৰাসৰ বিপৰীতে গৈ এই গ্ৰন্থ লিখা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়- আমাৰ চৰকাৰৰ দিনত প্ৰচলিত প্ৰথাৰ বিপৰীতে গৈ ইতিহাস সম্পৰ্কত নিজৰ চিন্তা প্ৰকাশৰ স্বাধীনতা লাভ কৰিবলৈ আৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসম আৰু ভাৰতৰ ইতিহাস ব্যাখ্যাত মাৰ্ক্সবাদী প্ৰভাৱ দেখা যায়। শংকৰদেৱ সমাজবাদৰ দ্বাৰা প্ৰভাৱান্বিত আছিল বুলি ভুল ব্যাখ্যা কৰা হৈছিল। কিয়নো সমাজবাদে হিংসাৰ জৰিয়তে সমতা স্থাপন কৰিব বিচাৰিছিল। আৰু এনে ভুল ব্যাখ্যাৰ বিৰুদ্ধে মাত মাতিবলৈ কোনেও সাহস কৰা নাছিল। কিন্তু এতিয়া ভুল ইতিহাসৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস আহিছে।
মুখ্যমন্ত্ৰীয়ে ভাৰতৰ ইতিহাস দাসত্বৰ ইতিহাস নহয়, ভাৰতৰ ইতিহাস বিজয়ী আৰু জ্ঞানৰ ইতিহাস বুলি প্ৰকাশ কৰি এনে বহু ইতিহাসৰ কথা নাইকিয়া হৈ পৰিছে বুলি আক্ষেপ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা আছিল নে নাই সেয়া ইতিহাস অধ্যয়নৰ বিষয় বুলি উল্লেখ কৰি লাচিতৰ বৰফুকনৰ লগত বাঘ হাজৰিকা তুলনা কৰাটো ইতিহাসৰ বিকৃতকৰণৰ বাদে আন একো নহয় বুলি প্ৰকাশ কৰে।
তেওঁ কয়- ''লাচিতৰ লগত জয়ন্তীয়া-কছাৰী সকলো আছিল,তেওঁলোকৰ কোনো সেনাৰ কথা নাপাতো,কিন্তু কেৱল বাঘ হাজৰিকাৰ কথা আমি পাতোঁ।''
মুখ্যমন্ত্ৰীৰ মতে, অসমীয়া জাতীয়তাবাদ বিকশিত হৈছিল সনাতন আৰু দক্ষিণ পূবৰ সভ্যতাৰ দ্বাৰা। সেয়ে অসমীয়া জাতীয়তাবাদত সনাতনৰ প্ৰভাৱ অগ্ৰাহ্য কৰিলে এই জাতীয়তাবাদ দুৰ্বল হৈ পৰিব। তেওঁ লগতে CAA অসমীয়া জাতীয়তাবাদ সবল কৰাৰ বাবেহে অনা হৈছে বুলি প্ৰকাশ কৰে।
আনহাতে, শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তই প্ৰকাশ কৰে- ''এই কিতাপখনত মুছলিম লীগৰ পৰা NRC কেনেকৈ আৰম্ভ হৈছিল, সেই কথা সন্নিবিষ্ট কৰা কৰা হৈছে। CAA কেতিয়া আৰম্ভ হৈছিল সেই বিষয় উল্লেখ আছে। CAA ২০১৯ নহয় ১৯৫০ চনত আৰম্ভ হৈছিল যেতিয়া illigel immigration expulsion act 1950 আৰম্ভ হৈছিল। এই কিতাপখনৰ পৰা মোক কোনোবাই সমালোচনা কৰে মই আদৰণি জনাম। যদি মোক কোনোবাই সমালোচনা কৰে তেতিয়া তথ্যভিত্তিকভাৱে সমালোচনা কৰক।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।