নিমাতীঘাতত দুৰ্ঘটনাগ্ৰস্ত নাওখন ঘটনাস্থলীৰ পৰা ডেৰ কিলোমিটাৰ নিলগত বিচাৰি পোৱা গৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– 'এন ডি আৰ এফে নাওখন উদ্ধাৰ কৰিছে। নাওখন উলটি থকা অৱস্থাত প্ৰত্যক্ষ কৰা গৈছে। নদীত চলা তীব্ৰ সোঁতৰ বাবে এতিয়া এন ডি আৰ এফে নাওখন কটাৰ সিদ্ধান্ত লৈছে। যদি নাওৰ ভিতৰত কোনোবা আছে, সেয়া জানিব পৰা যাব।'
মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে, মাজুলীৰ উপায়ুক্তৰ ফালৰ পৰা বৰ্তমানলৈ ৪জন সন্ধানহীন বুলি জানিবলৈ দিছে। এইক্ষেত্ৰত উপায়ুক্ত কাৰ্যালয়ে নাওত থকা মানুহৰ তথ্য সংগ্ৰহ কৰি আছে। গতিকে সঠিক তথ্যৰ বাবে আৰু অলপ লাগিব বুলি তেওঁ জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনা সন্দৰ্ভত খবৰ ৰখাৰ লগতে সকলো প্ৰকাৰে সহায়তাৰ আশ্বাস দিয়া বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।
আনহাতে কাইলৈ নিমাতীঘাটলৈ মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব বুলি জানিবলৈ দি কয় যোৰহাট মাজুলীৰ দলং নিৰ্মাণৰ বিষয়টোও পৰ্যবেক্ষণ কৰা হ'ব। এইক্ষেত্ৰত তেওঁ দলং নির্মাণৰ দায়িত্বত ৰাজ্য চৰকাৰৰ সলনি কেন্দ্ৰীয় চৰকাৰ আছে বুলি প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰে। দুৰ্ঘটনাৰ সকলো দিশ চাই ঘটনাত দোষী বিষয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা হিচাপে ইতিমধ্যে ৩গৰাকী বিষয়াক দুৰ্ঘটনাৰ বাবে নিলম্বন কৰা হৈছে।
ইতিমধ্যে সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰা ঘটনাস্থলীত উপস্থিত হৈছে। জানিব পৰা মতে, আজি ওৰেনিশা উদ্ধাৰ অভিযান অব্যাহত থাকিব। মন্ত্ৰী বিমল বৰাই জনোৱা মতে, বৃহস্পতিবাৰে সেনাবাহিনীৰ লগতে বায়ু সেনা বাহিনীৰ সহায় লৈও উদ্ধাৰ অভিযান চলোৱা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|